Independence Day 2023: কলগাছিয়াত বিধায়কৰ উপস্থিতিত মহকুমাধিপতিয়ে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা

By

Published : Aug 15, 2023, 5:11 PM IST

thumbnail

জনিয়া, ১৫ আগষ্ট: বৰপেটা জিলাৰ কলগাছিয়াত মহকুমা ভিত্তিত দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । স্বাধীনতা দিৱসৰ পতাকা জনিয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ উপস্থিতিত ভাৰপ্ৰাপ্ত মহকুমাধিপতিয়ে উত্তোলন কৰে । পতাকা উত্তোলন কাৰ্যসূচীত জ্যোতি ৰাভা নজৰুল সংঘৰ উদ্যোগত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয় ।

স্বাধীনতা দিৱস উপলক্ষে মুক্তিযোদ্ধা ৰাম কুমাৰ দাসৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক মফিজউদ্দিন ভূঞা, আশাকৰ্মী জহুৰা বেগম, প্ৰাক্তন সৈনিক ৰফিকুল ইছলাম আৰু কৃতী ছাত্ৰী তানজিম শিৰিনক ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয় । পতাকা উত্তোলনৰ পাচত জনিয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে ভাষণ আগবঢ়োৱাৰ লগতে কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ এনচিচি গ্ৰুপৰ লগতে কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰেড প্ৰদৰ্শন কৰে ৷ ইয়াৰ পাচতে স্থানীয় যুৱক-যুৱতীসকলে নৃত্য-গীত পৰিৱেশন কৰে

লগতে পঢ়ক: National Flag Hosting in BJP State HQ: বিজেপি মুখ্য কাৰ্যালয়ত প্ৰথমে ওলোটাকৈয়ে উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.