Independence Day 2023: মাজুলীত পতাকা উত্তোলন জিলা আয়ুক্তৰ

By

Published : Aug 15, 2023, 1:36 PM IST

thumbnail

মাজুলী, ১৫ আগষ্ট: আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সত্ৰ নগৰী মাজুলিতো উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰা হৈছে । মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত মাজুলী কাছাৰী ময়দানত উদযাপন হোৱা এই স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মাজুলী জিলাৰ আয়ুক্ত ড৹ কাবেৰী বৰকটকী শৰ্মাই । ইয়াৰ পিচতেই তেওঁ শ্বহীদ বেদীৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে ৷

ইয়াৰ পাছতেই বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী,আৰক্ষী,অৰ্ধ সামৰিক বাহিনীৰ জোৱানে পেৰেডত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত মাজুলীৰ কেইবাটাও সংস্কৃতিক দলে ভিন্ন সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে । মাজুলীৰ বিধায়ক ভুৱন গামৰ লগতে বহুকেইগৰাকী ব্য়ক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: 77th Independence Day: একাঁঠু পানীৰ মাজত মাজুলীত ৭৭ সংখ্যক স্বাধীনতা দিৱস পালন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.