আমিনগাঁৱত উদযাপন দেশৰ 76 সংখ্যক স্বাধীনতা দিৱস

By

Published : Aug 15, 2022, 6:53 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

ভাৰতবৰ্ষৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ বৰ্ষপূৰ্তি ৷ স্বাধীন ভাৰতে ভৰি দিলে 76 বছৰত (76th Independence day of India) ৷ স্বাধীনতাৰ অমৃত মহোৎসৱৰ সাক্ষী হৈছে সমগ্ৰ দেশৰ জনতা ৷ দেশজুৰি আজি পালন কৰা হৈছে দেশৰ 76 সংখ্যক স্বাধীনতা দিৱস ৷ দেশ তথা ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে আমিনগাঁও কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰ পেৰেড গ্ৰাউণ্ডতো আয়োজন কৰা হয় দেশৰ 76 সংখ্যক স্বাধীনতা দিৱস (76th Independence day celebration at Amingaon) ৷ কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে পালন কৰা স্বাধীনতা দিৱসৰ পতকা উত্তোলন কৰে অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । জিলাখনৰ বিদ্যালয় মহাবিদ্যালয়, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দেশৰ বীৰ জোৱান, শ্বহীদৰ ত্যাগক স্মৰণ কৰে । ভাষণ প্ৰসংগত তেওঁ ৰাজ্য চৰকাৰৰ কাম-কাজৰো খতিয়ানো দাঙি ধৰে । লগতে কামৰূপ উপায়ুক্ত কীৰ্তি জল্লিয়েও মহামানৱ মহত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি শ্ৰদ্ধা নিবেদন কৰে ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.