Foundation Day of Dima Hasao: ডিমা হাছাও জিলাৰ 54 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

By

Published : Feb 3, 2023, 3:54 AM IST

Updated : Feb 3, 2023, 8:40 PM IST

thumbnail

হাফলং, 2 ফেব্ৰুৱাৰী: পূৰ্বৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা তথা বৰ্তমান ডিমা হাছাও জিলাৰ 54 সংখ্যক প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়(54th Foundation Day of Dima Hasao District) । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত হাফলং এন এল দাওলাগাপু খেলপথাৰত অনুষ্ঠিত কৰা হয় ডিমা হাছাও জিলাৰ 54 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ(54th Foundation Day Celebrations of Dima Hasao ) ৷ 

পূৰ্বৰ উত্তৰ কাছাৰ তথা বৰ্তমান ডিমা হাছাও জিলাৰ 54 সংখ্যক দিৱস উপলক্ষে আজি পুৱা 9.30 বজাত হাফলঙৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ৰ’টাৰী পৰা চহৰ মাজেৰে হাফলং এন এল দাওলাগাপু খেলপথাৰলৈ এক শোভাযাত্ৰা উলিওৱা হয় ৷ এই শোভাযাত্ৰাত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, চৰকাৰী কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দল তথা বিভিন্ন সংগঠনৰ প্ৰতিনিধি ও সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে ।

ইয়াৰ পিচতে হাফলং এন এল দাওলাগাপু খেলপথাৰত ডিমা হাছাও জিলাৰ বিভিন্ন চৰকাৰী বিভাগৰ প্ৰদৰ্শনীৰ উদ্বোধন কৰে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচাই(North Cachar Hills Autonomous Council Chairman) । অনুষ্ঠানৰ লগত সংগতি ৰাখি পশুপালন বিভাগ আৰু অসম ৰাইফলৰ উদ্যোগত এক ডগ শ্ব’ প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে পৰম্পৰাগত লোকনৃত্য প্ৰদৰ্শন কৰে ।

অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ 54 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ভাৰতৰ সৰ্বোচ্চ নাগৰিক বঁটা পদ্মশ্ৰীৰ বাবে মনোনীত হোৱা সমাজকৰ্মী ড৹ ৰামকুইওয়াঙবে, জেমি সাহিত্যিক অনুপমা নাইডিং, শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ৰামায়ণ তিৱাৰী, অৱসৰপ্ৰাপ্ত শিক্ষিক ৰমা বৰ্ণাৰ, বিশিষ্ট ক্ৰীড়াবিদ বিশ্বজিত চক্ৰৱৰ্তীক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ 

উল্লেখযোগ্য যে, 1970 চনৰ 2 ফেব্ৰুৱাৰীত উত্তৰ কাছাৰ পাৰ্বত্য জিলা প্ৰতিষ্ঠা হৈছিল । আজি এই অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য নিপোলাল হোজাই, দেৱজিৎ বাটাৰি পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব টি টি দাওলাগাপু, মুকুট কেম্প্ৰাই আৰু ডিমা হাছাও জিলাৰ ভাৰপ্ৰাপ্ত জিলা উপায়ুক্ত এ আৰ মজুমদাৰ ।

লগতে পঢ়ক: Teok horse riding: ব্ৰহ্মপুত্ৰৰ বালিচৰত ঐতিহ্য ৰক্ষা কৰি ঘোঁৰাদৌৰৰ অনুশীলনত ব্যস্ত এজাক তৰুণ

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.