MINOR RAPE CASE: মোবাইল ভাল কৰাৰ চলেৰে লৈ গৈ কিশোৰীক ধৰ্ষণ ৫০ বছৰীয়া ব্যক্তিৰ

By

Published : Jul 18, 2023, 7:58 PM IST

thumbnail

বিহপুৰীয়া, 18 জুলাই : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত 3 নং বহুপথাৰৰ এগৰাকী পিতৃ-মাতৃহীন 15 বছৰীয়া কণমানিক 50 বছৰীয়া এজন ব্যক্তিয়ে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ এই অভিযোগ উত্থাপন হৈছে প্ৰশান্ত বৰুৱা নামৰ এজন লোকৰ বিৰুদ্ধে ৷ 

কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে কোৱা অনুসৰি, একে গাঁৱৰে প্ৰশান্তই কিশোৰীগৰাকীক মোবাইল ভাল কৰিবলৈ বুলি লখিমপুৰ টাউনলৈ লৈ গৈছিল ৷ ঘূৰি আহোঁতে বান্দৰদেৱাত প্ৰশান্তই ফুচুলাই গাড়ীৰ পৰা নমাই ধৰ্ষণ কৰে কিশোৰীগৰাকীক ৷ ইয়াৰ পিচত কিশোৰীগৰাকীয়ে পলাই আহি জেঠায়েকৰ ঘৰত আশ্ৰয় লয় ৷ পৰৱৰ্তী সময়ত কিশোৰীগৰাকীয়ে পৰিয়ালৰ লোকক ধৰ্ষণ কৰা সন্দৰ্ভত সকলো কথা অৱগত কৰাৰ পিছত নাৰায়ণপুৰ আৰক্ষী থানাত প্ৰশান্ত বৰুৱাৰ বিৰুদ্ধে পৰিয়ালৰ লোকে এখন এজাহাৰ দাখিল কৰে ৷  

ইতিমধ্যে নাৰায়ণপুৰ আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি নাৰায়ণপুৰ কেচ নং 66/23, U/S- 363/376/511, IPC R/W SEC 08 Of POCSO ধাৰাত এক গোচৰ ৰুজু কৰিছে ৷ পিতৃ- মাতৃহীন কিশোৰীগৰাকীৰ ক্ষেত্ৰত এনে জঘন্যকাণ্ড সংঘটিত কৰাৰ লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ ইফালে প্ৰশান্তই কিশোৰীগৰাকীক মোবাইল বনাবলৈ লৈ যোৱাৰ কথা অৱগত কৰিছে যদিও কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ কথা স্বীকাৰ কৰা নাই ৷

লগতে পঢ়ক:Child trafficking in Assam: গড়চুকৰ ভাৰাঘৰৰ কোঠাত উদ্ধাৰ ৰঙিয়াৰ কিশোৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.