Road Accident at Kaliabor: ট্ৰাকৰ খুন্দাত চুচুৰ্মৈ ছুইফ্ট

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 8:02 PM IST

thumbnail

কলিয়াবৰ, 12 অক্টোবৰ : কলিয়াবৰৰ বুঢ়াপাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বৃহস্পতিবাৰে কলিয়াবৰৰ বুঢ়াপাহাৰৰ 37 নং ৰাষ্ট্ৰীয় পথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । আজি বিয়লিৰ ভাগত সংঘটিত দুৰ্ঘটনাত শিশুসহ পাঁচজনকৈ যাত্ৰী আহত হৈছে ৷

জানিব পৰা মতে, একে দিশৰ পৰা আহি থকা ট্ৰাকে এখন ছুইফ্ট বাহনত খুন্দা মাৰে ৷ ফলত ছুইফট বাহনত থকা শিশুসহ পাঁচজন যাত্ৰী আহত হয় । ট্ৰাকখনক অতিক্ৰম কৰিবলৈ লওঁতে ছুইফ্ট বাহনখনৰ পাচফালৰ পৰা খুন্দা মাৰে ট্ৰাকখনে ৷ ইফালে ট্ৰাকৰ খুন্দাত ছুইফ্ট বাহনখন চূচুৰ্মৈ হৈ পৰে ।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AS 01 HC 5314 আৰু ছুইফ্টখনৰ নম্বৰ AS 12 P 2200 । ইফালে আহত আটাইকেইজনকে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । 

লগতে পঢ়ক:Cattle smuggling:ৰহাৰ ডিমৌত জব্দ অবৈধভাৱে গৰু সৰবৰাহ কৰা বাহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.