37th National Games: 37 সংখ্যক নেশ্যনেল গেমছত অসমে উন্নত ফলাফল দেখুৱাব বুলি আশা প্ৰকাশ অসম অলিম্পিক সন্থাৰ

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 7:15 AM IST

thumbnail

গুৱাহাটী, 17 অক্টোবৰ: গোৱাত অনুষ্ঠিত হ’বলগীয়া  37 সংখ্যক ৰাষ্ট্ৰীয় গেমছৰ বাবে সাজু অসম দল । সোমবাৰে মহানগৰীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামৰ এটা অনুষ্ঠানত মুকলি কৰা হয় অসম দলৰ জাৰ্চীসহ কীট । লগতে আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনাই খেলুৱৈসকলক । 

উল্লেখ্য যে, ৰাষ্ট্ৰীয় গেমছত অংশগ্ৰহণ কৰিবলগীয়া অসমৰ বেডমিণ্টন দলটো মঙলবাৰে ৰাওনা হ’ব গোৱা অভিমুখে । অসমৰ পৰা মুঠ 251 গৰাকী খেলুৱৈয়ে 28 টা বিভিন্ন খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব এইবাৰৰ ৰাষ্ট্ৰীয় গেমছত । পূৰ্বতকৈ অধিক সা-সুবিধা খেলুৱৈসকলক প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে বিভাগটোৱে । লগতে এমাহজোৰা আৱাসিক প্ৰশিক্ষণো প্ৰদান কৰা হৈছে । 

2007 বৰ্ষত গুৱাহাটীত অনুষ্ঠিত হোৱা নেশ্যনেল গেমছত পূৰ্বৰ 29 টা পদকৰ অভিলেখ ভংগ কৰি অসম দলে ভাল ফলাফল দেখুৱাব বুলি আশা প্ৰকাশ কৰে অসম অলিম্পিক সন্থাই । সোমবাৰৰ উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, অলিম্পিক পদক বিজয়ী নয়নমণি শইকীয়া, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ প্ৰমুখ্যে খেল জগতৰ বিশিষ্ট ব্যক্তিসকল । 

লগতে পঢ়ক: Microfinance Loan Relief: কণা হাঁহক পতান দিয়াৰ দৰে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই দিছে চৰকাৰে: আমিনুল ইছলাম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.