Karbi Youth Festival: কাৰ্বি আংলঙত ৩১ সংখ্যক কাৰ্বি মাণ্ডলিক যুৱ মহোৎসৱ

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 2:13 PM IST

thumbnail

ডিফু,২২ অক্টোবৰ: পাৰ্বত্য জিলা কাৰ্বি আংলঙত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৩১ সংখ্যক কাৰ্বি মাণ্ডলিক যুৱ মহোৎসৱ । লাংচলিয়েট স্পৰ্টছ কমপ্লেক্সত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এমএচি জনি তিমুঙে শুভ উদ্বোধন কৰে ডিফু-মাঞ্জা মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ । কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এমএচি জনি তিমুঙে মাণ্ডলিক যুৱ মহোৎসৱটিৰ ফিটা কাটি মূল প্ৰৱেশদ্বাৰৰ উদ্ধোধন কৰি মহোৎসৱখন মুকলি কৰে ৷ 

এই মহোৎসৱ ২১ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ কাৰ্বি আংলং জিলাৰ বিভিন্ন পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ'ব । ডিফু-মাঞ্জা মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱত ৯ টা গোটৰ শিল্পীসকলে অংশগ্ৰহণ কৰিছে ৷ মহোৎসৱ থলীৰ আটক ধুনীয়া মঞ্চ, বিভিন্ন বিপনী আৰু শিল্পী গ্ৰামে মহোৎসৱথলীত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ শিল্পীগ্ৰামৰ ফিটা কাটি উদ্বোধন কৰে বিএলচি অধ্যক্ষা মিতালী বে'পীয়ে ৷ ইয়াৰোপৰি এমএচি জনি তিমুঙে শিল্পীগ্ৰামত প্ৰৱেশ কৰি শিল্পীসকলৰ অভাৱ-অভিযোগৰ বুজ লয় ৷  

লগতে পঢ়ক: Durga Puja 2023: আজি মহা অষ্টমী; তেজপুৰৰ ভৈৰৱী দেৱালয়ত ভক্তৰ ভিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.