Panbazar Police Station : হাতত কেৱল চকলেট লৈ 15 মিনিটৰ বাবে অ’চি হ’ল তিনিবছৰীয়া অয়াংশ

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 10:50 PM IST

Updated : Nov 15, 2023, 9:53 AM IST

thumbnail

গুৱাহাটী, ১৪ নৱেম্বৰ : শিশু দিৱসৰ দিনটোতে পাণবজাৰ থানাত হঠাৎ দেখা গ’ল এগৰাকী নতুন আৰক্ষী বিষয়া ৷ অৱশ্যে আৰক্ষী বিষয়াগৰাকীৰ কঁকালত নাছিল পিষ্টল অথবা হাততো নাছিল লাঠী ৷ ইউনিফৰ্ম পৰিহিত আৰক্ষী বিষয়াগৰাকীৰ হাতত আৰু সন্মুখৰ টেবুলত কেৱল দেখা গ’ল বহুতো চকলেট ৷

থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ চকীত বহি থকা বিষয়াগৰাকীক চাবলৈ বহু মানুহৰ সমাগমো হ’ল ৷ নহ’বনো কিয় ! যিহে মৰমলগা, কণমানি, হাঁহিমুখীয়া আৰক্ষী বিষয়া ৷ মৰমতে থানাখনৰ সকলোৱে কণমানি আৰক্ষী বিষয়াগৰাকীক যাঁচিলে চকলেট ৷ ইমানবোৰ চকলেট একেলগে পাই আনন্দৰ সীমা নাইকিয়া হ’ল আৰক্ষী বিষয়াগৰাকীৰ ৷

উল্লেখ্য যে মঙলবাৰে ১৫ মিনিটৰ বাবে পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ দায়িত্ব দিয়া হ’ল এটি তিনিবছৰীয়া শিশুক ৷ হাতত চকলেট লৈ আৰক্ষী বিষয়াৰ দায়িত্ব পালন কৰে তিনি বছৰীয়া অয়াংশ জয়ছোৱালে । সৰুৰে পৰা আৰক্ষী হোৱা সপোন দেখা অয়াংশৰ মনোবল বৃদ্ধিৰ বাবে শিশু দিৱসৰ দিনটোত ১৫ মিনিটৰ বাবে দায়িত্ব দিয়া হ'ল পাণবজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ৷

মহানগৰৰ এ টি ৰোডৰ বাসিন্দা ব্যৱসায়ী কানহায়া জয়ছোৱালৰ পুত্ৰ অয়াংশ জয়ছোৱাল সংঘমিত্ৰা পুলিচ নাৰ্চাৰী স্কুলৰ এল কে জিৰ ছাত্ৰ । পিতৃ কানহায়া জয়ছোৱালে ই টিভি ভাৰতৰ আগত কয়, পুত্ৰ অয়াংশই আৰক্ষীৰ পোচাক খুব ভাল পোৱাৰ লগতে ডাঙৰ হ'লে আৰক্ষী হোৱাৰ সপোন আছে । সেয়ে শিশু দিৱসৰ দিনটোত শিশুসকলৰ মনোবল বঢ়াবলৈ পাণবজাৰ থানাই এই বিশেষ পদক্ষেপ গ্ৰহণ কৰে ।

লগতে পঢ়ক : Children’s Day 2023: গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো শিশু দিৱস পালন

Last Updated : Nov 15, 2023, 9:53 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.