ETV Bharat / state

Children’s Day 2023: গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো শিশু দিৱস পালন

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 7:28 PM IST

Childrens Day 2023
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো পালন শিশু দিৱস

আজি শিশু দিৱস । দেশৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন প্ৰান্তত উলহ-মালহেৰে পালন কৰা হয় শিশু দিৱস ৷ গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়তো আজি শিশু দিৱস পালন কৰা হয় ৷

গুৱাহাটী, 14 নৱেম্বৰ : স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ আজি ওপজা দিন । 1889 চনৰ 14 নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে জন্ম হৈছিল পণ্ডিত নেহৰুৰ ৷ ইফালে নেহৰুৰ জন্ম দিনটো সমগ্ৰ দেশতে শিশু দিৱস হিচাপে পালন কৰি আহিছে ৷ শিশুসকলৰ প্ৰতি থকা তেওঁৰ আছিল অগাধ মৰম ৷

শিশুৰ প্রতি থকা মৰমৰ বাবে পণ্ডিত নেহৰুৰ প্ৰতি শ্ৰদ্ধা জনায় প্ৰতি বছৰে তেখেতৰ জন্মদিনটো দেশে শিশু দিৱস হিচাপে পালন কৰি আহিছে ।আজিৰ এই বিশেষ দিনটোত সমগ্র দেশৰ লগতে ৰাজ্যতো দেখা গৈছে বিশেষ আয়োজন । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহত অনুষ্ঠিত কৰা হৈছে শিশু দিৱসৰ কাৰ্যসূচী ।

‘‘আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ’’ বুলি কোৱা হয় ৷ সেয়ে শিশুৰ চাহিদাসমূহক স্বীকৃতি দিয়া, তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰা আৰু তেওঁলোকৰ ওপৰত চলি থকা যিকোনো শোষণ ৰোধ কৰা আদিকে কৰি বিভিন্ন সমস্যাৰ প্ৰতি সজাগ সচেতনৰ বাবে এই দিৱস পালন কৰি আহিছে । দেশৰ লগতেই গুৱাহাটী মহানগৰীতো বিভিন্ন প্ৰান্তত আজি উলহ-মালহেৰে পালন কৰা হয় শিশু দিৱস ।

শিক্ষানুষ্ঠাসমূহৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো আজি পালন কৰে শিশু দিৱস । শিশু দিৱসৰ লগত সংগতি ৰাখি আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশু ৰোগ বিভাগে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ অচ্যুত বৈশ্য আৰু উপ-অধীক্ষক ড৹ উজ্জল শৰ্মা ৷

ইফালে শিশু ৰোগ বিভাগৰ মুৰব্বী ডাঃ গায়ত্ৰী বেজবৰুৱা আৰু শিশু ৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডাঃ দিগন্ত বৰ্মনৰ তত্বাৱধানত শিশু ৰোগ বিভাগত ভৰ্তি হৈ থকা শিশুসকলৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা । লগতে বিভাগটোত ভৰ্তি হোৱা শিশুসকলৰ মাজত উপহাৰ আৰু চকলেট বিতৰণৰ লগতে কেক কাটি পালন কৰা হয় শিশু দিৱস ।

লগতে পঢ়ক:Post diwali pollution in Guwahati:পোহৰৰ উৎসৱে ভৱিষ্যৎ প্ৰজন্মৰ বাবে নমাই আনিব নেকি অমানিশা?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.