ETV Bharat / state

Post diwali pollution in Guwahati:পোহৰৰ উৎসৱে ভৱিষ্যৎ প্ৰজন্মৰ বাবে নমাই আনিব নেকি অমানিশা?

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 4:53 PM IST

দীপাৱলীৰ দুদিনত মহানগৰীত অত্যাধিক ফটকা, আতচবাজী ফুটুৱাৰ ফলত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে ৷ সমান্তৰালকৈ বাঢ়িছে শব্দ প্ৰদূষণ ৷

Post diwali pollution in Guwahati
প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে

প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে

গুৱাহাটী, ১৪ নৱেম্বৰ : পোহৰৰ উৎসৱ দীপাৱলীৰ সময়ত হোৱা প্ৰদূষণে মহানগৰবাসীৰ জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে । দীপাৱলীৰ দুদিনত অত্যাধিক ফটকা, আতচবাজী ফুটুৱাৰ ফলত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে । ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি বায়ুৰ প্ৰদূষণ বৃদ্ধি পাইছে । বিগত দুদিনত বায়ুৰ সূচকাংক ১৫২ পৰা ২৩৪ ৰ লৈ বৃদ্ধি পাইছে । স্বাভাৱিক অৱস্থাতকৈ ৭২ বৃদ্ধি পাইছে বায়ুৰ মান সূচকাংক ।

এখন ঠাইত বায়ুৰ মান সূচকাংক দুশৰ পৰা তিনিশ হ’লে নিম্নমানৰ বুলি ধৰা হয় । আনহাতে দীপাৱলীৰ সময়ত শব্দ প‌্ৰদূষণো বৃদ্ধি পাইছে । মহানগৰীৰ কিছু কিছু অঞ্চলত শব্দ প্ৰদূষণ কমিছে যদিও পাণবজাৰ অঞ্চলত শব্দ প্ৰদূষণ বৃদ্ধি পাইছে । বিগত বৰ্ষৰ দীপাৱলীত পাণবজাৰত ৭৪.৬ শব্দ প্ৰদূষণ আছিল । এইবাৰ ৭৮.৯ লৈ বৃদ্ধি পাইছে শব্দ প্ৰদূষণৰ মাত্ৰা ।

ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ মুখ্য পৰিৱেশ বিজ্ঞানী মনোজ শইকীয়াই কয়, মহানগৰীত দীপাৱলীৰ সময়ত আতচবাজীৰ পৰা নিৰ্গত হোৱা বিষাক্ত পদাৰ্থই মহানগৰীৰ বায়ুৰ গুণাগুণ নিম্নমানৰ কৰি পেলাইছে । ইপিনে পৰিৱেশ প্ৰদূষণৰ লগতে শব্দ প্ৰদূষণো বৃদ্ধি পাইছে । উচ্চতম ন্যায়ালয়ে দীপাৱলীৰ সময়ত দিয়া নিৰ্দেশনা উলংঘা কৰিছে জনসাধাৰণে । ১২৫ ডেচিবেলৰ আতচবাজী নিশা ৮-১০ বজালৈ ফুটুওৱাৰ অনুমতি দিছিল, কিন্তু এই নিৰ্দেশনা উলংঘা কৰিছে ৰাইজে । মহানগৰীৰ বিভিন্ন স্থানত ১২৫ ডেচিবেলৰ আতচবাজী ফুটুওৱাৰ লগতে নিশা ১০ বজাৰ পিচতো ফটকা ফুটুৱা পৰিলক্ষিত হৈছে । মহানগৰীৰ আৱাসিক এলেকাসমূহত পৰম্পৰাগতভাৱে ফটকা ফুটুৱা পৰিলক্ষিত হৈছে । যাৰ ফলত প্ৰদূষণ বৃদ্ধি পাইছে ।

আনহাতে নলবাৰীতো প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হৈছে । বায়ুৰ সূচকাংক নিম্নমানৰ হৈছে । নলবাৰীত দীপাৱলীৰ পূৰ্বে ১৬৮ আছিল বায়ুৰ সূচকাংক । দীপাৱলীৰ দুদিনত ২২১ লৈ বৃদ্ধি পাইছে বায়ুৰ সূচকাংক ।

লগতে পঢ়ক : Pollution in Assam : ৰাজ্যত শব্দ-বায়ুৰ গুণগত মান পৰীক্ষা; বৃদ্ধি কৰা হৈছে মনিটৰিং ষ্টেচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.