ডিব্ৰুগড়ত ড্ৰাগছসহ ৩ সৰবৰাহকাৰীক আটক

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 1:16 PM IST

thumbnail

ডিব্ৰুগড়,১৭ ডিচেম্বৰ: ড্ৰাগছ সৰবৰাহ বন্ধ কৰিবলৈ ডিব্ৰুগড় আৰক্ষী কঠোৰ হৈছে যদিও জিলাখনৰ বিভিন্ন প্ৰান্তৰত ড্ৰাগছৰ সৰবৰাহ চলি আছে । ডিব্ৰুগড়ৰ প্ৰতিটো প্ৰান্তৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতেই নিশা লাহোৱালৰ পৰা ড্ৰাগছসহ তিনি যুৱকক আটক কৰে আৰক্ষীয়ে । ডিব্ৰুগড় মোহনবাৰী হিন্দু গাঁৱত ড্ৰাগছ ভৰ্তি দুটা কন্টেনাৰ আৰু ড্ৰাগছ সেৱন কৰা চিৰিঞ্জসহ তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।  

লাহোৱাল আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মোহনবাৰী হিন্দু গাঁৱৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী তিনিটাক হাতে লোটে আটক কৰিবলৈ সক্ষম হয় । আটক কৰা সৰবৰাহকাৰী কেইটা লাহোৱালৰ ইকৰাতলী গাঁৱৰ অভিজিৎ গগৈ, মোহনবাৰী হাৰাবাৰী গাঁৱৰ অসীম হাজৰিকা, মিৰিপথাৰ গাঁৱৰ মনোৰঞ্জন গগৈ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে ইকৰাতলী গাঁৱৰ অভিজিৎ গগৈয়ে তিনিবাৰকৈ ড্ৰাগছ সৰবৰাহকাৰী হিচাপে জেল হাজোতলৈ গৈছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: তিনিচুকীয়াত ড্ৰাগছসহ আটক 7 সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.