Handmade weapons recovered : ওৰাং আৰক্ষীৰ অভিযানত উদ্ধাৰ তিনিটা হস্ত নিৰ্মিত বন্দুক

By

Published : Mar 22, 2023, 6:25 PM IST

thumbnail

ৰৌতা, 22 মাৰ্চ :  ওদালগুৰিৰ ওৰাঙৰ দেৱপুখুৰীত উদ্ধাৰ হস্ত নিৰ্মিত অস্ত্ৰ । গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ওৰাং আৰক্ষীয়ে পুৱাই চলাইছিল অভিযান ৷ অভিযান অব্যাহত থকাৰ সময়তে পুৱাই আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় অস্ত্ৰখিনি (Handmade weapons recovered in Udalguri)। 

অভিযান কালত উদ্ধাৰ তিনিটাকৈ হস্ত নিৰ্মিত বন্দুক । গাঁতত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় অস্ত্ৰখিনি ৷ এটা সৰ্বশিক্ষা অভিযান মিচনৰ বেগৰ পৰা উদ্ধাৰ কৰা হয় অস্ত্ৰ খিনি । দেৱপুখুৰী গাঁৱৰ জাকিৰ হুছেইন নামৰ এজন লোকৰ বাৰীত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় অস্ত্ৰ খিনি (3 Handmade weapons recovered at Orang)। 

উদ্ধাৰ হোৱা অস্ত্ৰখিনি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ সৈতে জড়িত চোৰাং চিকাৰীৰ বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে (Orang National Park)।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.