অজ্ঞাত বাহনে মহতিয়ালে দুখন বাইক, পিতা-পুত্ৰসহ তিনিজনৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 11:10 AM IST

thumbnail

শিলচৰ, 15 জানুৱাৰী : ৰাজ্যজুৰি ভোগালী বিহুৰ উছাহৰ মাজতে কাছাৰৰ শিলচৰৰ-মণিপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাদ্ৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । অজ্ঞাত বাহনে মহতিয়াই নিলে পিতা-পুত্ৰসহ তিনি বাইক আৰোহীক । নিহত তিনি বাইক আৰোহীৰ নাম বিনয় ভূষণ দত্ত, বিৰাজ দত্ত আৰু চিকন্দৰ আলী বুলি জানিব পৰা গৈছে  । ইয়াৰ মাজতে বিনয় ভূষণ দত্ত আৰু বিৰাজ দত্ত পিতা-পুত্ৰ । তেওঁলোকৰ ঘৰ পালইৰবন্দ চাহ বাগিচাত । আনহাতে চিকন্দৰ আলীৰ উজান তাৰাপুৰত । 

জানিব পৰা মতে নিশা দুখন বাইক ৰাষ্ট্ৰীয় ঘাইপথেৰে শিলচৰৰ পৰা লক্ষীপুৰ অভিমুখে গৈ থকাৰ সময়ত কাছাৰৰ বাদ্ৰিত এখন অজ্ঞাত বাহনে দুয়োখন বাইকক মহতিয়াই লৈ যায় । ইয়াৰে এখন বাইকত আছিল বিনয় ভূষণ দত্ত আৰু বিৰাজ দত্ত নামৰ দুই পিতা-পুত্ৰ ৷ ইফালে আনখন বাইকত আছিল চিকন্দৰ আলী নামৰ এজন যুৱক । তাৰ পিচতে দুয়োখন বাইকৰ তিনি আৰোহী ৰাজপথত বাগৰি পৰি গুৰুতৰভাৱে আহত হয় । পৰৱৰ্তী সময়ত স্থানীয় লোকসকলে আহতসকলক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও মেডিকেল কলেজত তিনি আৰোহীৰ মৃত্যু হয় । ইপিনে ঘটনা সংঘটিত কৰি বাহনসহ চালকে পলায়ন কৰে ।

লগতে পঢ়ক: পিতৃক হত্যা কৰি ঘৰৰ চৌহদতে পুতি থ’লে কুলাংগাৰ পুত্ৰই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.