3 arrested in Chabua: আৰক্ষীৰ গাড়ী ভাঙি জালত পৰিল তিনি জুৱাৰী

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 6:29 PM IST

thumbnail

চাবুৱা,১৫ নৱেম্বৰ: আৰক্ষীৰ বাহনত আক্ৰমণ কৰি ৰঙাঘৰৰ আলহী হ'ল তিনিজন । কালী পূজাৰ নিশা চাবুৱাত জুৱা খেল উচ্ছেদ কৰিবলৈ গৈ একাংশ লোকৰ ৰোষত পৰিছিল আৰক্ষী । চাবুৱা আৰক্ষী থানাৰ অন্তৰ্গত বিন্ধাকটা আৰক্ষী চকীৰ বাহন ভাঙিছিল একাংশ উত্তেজিত লোকে । সোমবাৰে নিশা জেৰাই দিঘলীবাৰী লাইনত জুৱা খেল উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীৰ বাহন ভাঙি দিয়াৰ লগতে এজন আৰক্ষীও আঘাতপ্ৰাপ্ত হোৱা পাছতে চাবুৱা আৰক্ষীয়ে সমগ্ৰ ঘটনাক লৈ ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছিল তদন্ত ।  

মঙলবাৰে নিশা আৰক্ষী চকীৰ বাহন ভঙাৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ কৰে চাবুৱা আৰক্ষীয়ে । ঘটনাৰ পাছতে বিন্ধাকটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু হৈছিল চাবুৱা আৰক্ষী থানাত । নিশা আৰক্ষীয়ে তিনিজনক গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰি বুধবাৰে আদালতলৈ প্ৰেৰণ কৰিছে । আটক কৰা তিনিজনৰ নাম ক্ৰমে, বানচ নায়ক, শ্ৰৱণ পাটনায়ক, ৰাজেশ কুমাৰ বুলি জানিবলৈ দিছে আৰক্ষীয়ে । তিনিজনক আটক কৰা পাছতে পৰিয়ালৰ লোকে চাবুৱা আৰক্ষী থানাত ভিৰ কৰা পৰিলক্ষিত হয় । এই ঘটনাক লৈ আৰু লোকক আটক হ'ব পাৰে বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে ।  

লগতে পঢ়ক: Student involved in drug smuggling: চিন্তনীয়! এইবাৰ ড্ৰাগছ সৰবৰাহত স্কুলীয়া ছাত্ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.