Student involved in drug smuggling: চিন্তনীয়! এইবাৰ ড্ৰাগছ সৰবৰাহত স্কুলীয়া ছাত্ৰ

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 5:25 PM IST

thumbnail

গুৱাহাটী, ১৫ নৱেম্বৰ : আৰক্ষীৰ চকুত ধূলি দিবলৈ এইবাৰ ড্ৰাগছ সৰবৰাহকাৰীয়ে অৱলম্বন কৰিছে নতুন কৌশল । আৰক্ষীৰ পৰা হাত সাৰিবলৈ ড্ৰাগছ ব্যৱসায়ীযে নিষিদ্ধ ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰিছে স্কুলীয়া ছাত্ৰক। নুনমাটিৰ ডাকঘৰত ডাক যোগে ড্ৰাগছ সৰবৰাহ কৰিবলৈ আহি এইবাৰ আৰক্ষীৰ জালত পৰিল এজন কিশোৰ । গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা অতৰ্কিত অভিযানত ছাত্ৰজনৰ পৰা আৰক্ষীয়ে ৭ কেজি ২৩০ গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে কৰায়ত্ত কৰা ধৃত কিশোৰ ছাত্ৰজন হৈছে মিজোৰামৰ বাসিন্দা ৷ বয়স ১৬ বছৰ বুলি জানিব পৰা গৈছে । প্ৰাপ্ত খবৰ অনুসৰি, ধৃত ছাত্ৰজনে নুনমাটি শালবাৰীত ভাড়া ঘৰত থাকি পানবজাৰ ডনবস্ক’ স্কুলত দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত ছাত্ৰজনে দীৰ্ঘদিন ধৰি নুনমাটিৰ ডাকঘৰৰ পৰা দিল্লীলৈ ডাকযোগে ড্ৰাগছ সৰবৰাহ কৰি আহিছিল । বুধবাৰেও দিনৰ ভাগত ডাকযোগে ড্ৰাগছ সৰবৰাহ কৰিবলৈ আহিছিল ছাত্ৰজন । কিন্তু অনা টোপোলাটো দেখি পোষ্টমাষ্টৰ সুৰেন তালুকদাৰৰ সন্দেহ ওপজে । লগে লগে তেওঁ ঘটনা সন্দৰ্ভত নুনমাটি থানাত খবৰ দিয়ে । পিচত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পেকেটসমূহ খুলি ইয়াৰ ভিতৰৰ পৰা ৭ কেজি ২৩০ গ্ৰাম গাঞ্জা জব্দ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

লগতে পঢ়ক : Drugs Seized : কঠিয়াতলীৰ ৰেংবেঙত ড্ৰাগছসহ আটক দুটা সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.