মিৰ্জাত দিনজোৰা কাৰ্যসূচীৰে প্ৰয়াত সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ মৃত্যুবাৰ্ষিকী অনুষ্ঠান

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 2:43 PM IST

thumbnail

মিৰ্জা, 29 নৱেম্বৰ: দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত বিগত বছৰবোৰৰ দৰেই এইবেলিও আয়োজন কৰা হয় জ্ঞানপীঠ বঁটা বিজয়ী প্ৰয়াত সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ মৃত্যুবাৰ্ষিকী অনুষ্ঠানৰ ৷ বুধবাৰে মিৰ্জাত প্ৰথিতযশা সাহিত্যিকগৰাকীৰ দ্বাদশ মৃত্যুবাৰ্ষিকী দিনজোৰাকৈ পালন কৰা হয় । মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চ’কত প্ৰয়াত সাহিত্যিকগৰাকীলৈ সৰ্বধৰ্ম প্ৰাৰ্থনা, নাম প্ৰসংগ, বন্তি প্ৰজ্বলন আদি কাৰ্যসূচীৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জনোৱা হয় । 

অনুষ্ঠানটোত অঞ্চলটোৰ বহু লোকে অংশগ্ৰহণ কৰে । প্ৰয়াত সাহিত্যিকগৰাকীৰ স্মৃতি দিৱসত পোনপ্ৰথমবাৰৰ বাবে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই এইবেলি 'ড° মামণি ৰয়ছম গোস্বামী সাহিত্য বঁটা 2023' ঘোষণা কৰে ৷ দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা তথা বিশিষ্ট লেখিকা ড৹ জাহ্নৱী দেৱীলৈ আগবঢ়োৱা হয় এই বঁটা । এই বঁটাত আছে মানপত্ৰ, গ্ৰন্থৰ টোপোলা, স্মাৰক, নগদ ধন । 

প্ৰতি বছৰে অসমৰ এগৰাকী সাহিত্যিকলৈ এই বঁটা প্ৰদান কৰা হ'ব বুলি দক্ষিণ কামৰূপ ছাত্র সন্থাই জানিবলৈ দিয়ে । ৰাজ্য চৰকাৰে সাহিত্যিকগৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ বিপৰীতে দক্ষিণ কামৰূপ ছাত্র সন্থাৰ এনে পদক্ষেপক অঞ্চলবাসীয়ে শলাগ লৈছে ।

লগতে পঢ়ক: Tribute to Jayanta Hazarika : অভয়াপুৰীত ৰাণাদাৰ ৪৬ সংখ্যক মৃত্যুবাৰ্ষিকী পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.