দুখনকৈ বাহনে চোঁচৰাই নিলে পথচাৰীক

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 1:47 PM IST

Updated : Jan 21, 2024, 2:06 PM IST

thumbnail

হোজাই, 21 জানুৱাৰী : হোজাই জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন লোক ৷ হোজাই জিলাৰ লংকাৰ ১নং কাকী- ভালুকমাৰী সংযোগী পথৰ গান্ধীপুখুৰীত শনিবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ পথেৰে আহি থকা অৱস্থাত এজন লোকক প্ৰথমে এখন অচিনাক্ত মটৰ চাইকেলে খুন্দা মৰাৰ পাচতেই আহি থকা এখন মাৰুতি এল্ট' বাহনে খুন্দা মাৰি চোঁচৰাই লৈ যায় ৷

নিহত লোকজনক 1 নং কাকী বঢ়মপুৰ গাঁৱৰ নিপুল বৰা বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰা অচিনাক্ত মটৰ চাইকেলখনৰ বিপৰীতে মাৰুতি এল্ট'খনৰ নম্বৰ হৈছে AS 02C- 0398 । এই ঘটনাৰ পিচতে নিশা কাকী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে এল্ট' বাহনখন জব্দ কৰিছে ।

লগতে পঢ়ক: বুজন পৰিমাণৰ ড্ৰাগছসহ মহিলা ড্ৰাগছ সৰবৰাহকাৰী আটক

Last Updated : Jan 21, 2024, 2:06 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.