Narcotics seized: তিনিচুকীয়াত জব্দ লক্ষাধিক টকাৰ নিচাজাতীয় সামগ্ৰী

By

Published : Feb 18, 2022, 7:17 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

thumbnail

তিনিচুকীয়াত আৰক্ষীয়ে অব্যাহত ৰাখিছে অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ তিনিচুকীয়াত পুনৰ জব্দ হৈছে ব্ৰাউন চুগাৰ (Drugs seized at Tinsukia)। আৰক্ষীৰ জালত পৰিছে ৰাজীৱ মৰাণ নামৰ এজন যুৱক । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ডিমাপুৰৰ পৰা কাকপথাৰলৈ সৰবৰাহৰ উদ্দেশ্যে লৈ অনা হৈছিল জব্দকৃত ব্ৰাউন চুগাৰখিনি (Narcotics worth lakhs of rupees seized) ৷ অৱশ্যে আৰক্ষীৰ তৎপৰতাত বৃহস্পতিবাৰে নিশা তিনিচুকীয়াৰ হোটেল মাদ্ৰাজৰ পৰা তিনিচুকীয়াৰ আৰক্ষীয়ে জব্দ কৰিলৈ সক্ষম হয় নিচাজাতীয় দ্ৰব্যখিনি । জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ পৰিমাণ প্ৰায় ২৫ গ্ৰামতকৈ অধিক বুলি জানিব পৰা গৈছে আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ৫ লাখতকৈয়ো অধিক । তিনিচুকীয়া আৰক্ষী থানাৰ চহৰ পৰিদৰ্শক ভাস্কৰজ্যোতি বৰুৱাৰ নেতৃত্বত আৰু দুৰ্নীতি নিবাৰক শাখা (Anti-Corruption Branch) ৰ সহযোগত চলাইছিল এই অভিযান । সংবাদ মাধ্যমৰ আগত বৰুৱাই অনাগত দিনত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কোনো ধৰণৰ আপোচ নকৰাকৈ অভিযান চলাই যাব বুলি মত প্ৰকাশ কৰে ।

Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.