Leopard trapped at Baihata Chariali: বাইহাটা চাৰিআলিত ফান্দত বন্দি নাহৰফুটুকী

By

Published : Feb 16, 2022, 4:03 PM IST

Updated : Feb 3, 2023, 8:16 PM IST

thumbnail

বাইহাটা চাৰিআলিত ফান্দত বন্দি নাহৰফুটুকী বাঘ (Leopard trapped at Baihata Chariali)। মদনকামদেৱ পাহাৰত অজ্ঞাত লোকে পতা ফান্দত পৰিল নাহৰফুটুকী । নাহৰফুটুকীক চাবৰ বাবে স্থানীয় লোকৰ ভিৰ । বহু পলমকৈ উপস্থিত হোৱা বন বিভাগৰ লোকে বহু সময় চেষ্টা কৰাৰ অন্তত নাহৰফুটুকীটোক টেংকুলাইজ কৰি গুৱাহাটী ৰাজ্যিক চিৰিয়াখানলৈ লৈ যায় । বন বিভাগে জানিবলৈ দিয়া অনুসৰি বাঘটোৰ বয়য় প্ৰায় চাৰি/পাচ বছৰ । উল্লেখ্য যে, দীৰ্ঘ দিনৰ পৰা মদন কামদেৱ পাহাৰত চৰিবলৈ এৰি দিয়া গৰু, ছাগলী, ম'হ আদি ভক্ষণ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰফুটুকী বাঘটোৱে ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি কোনো অজ্ঞাত লোকে শহা পহু, শিয়াল আদি ধৰিবৰ কাৰণে পতা ফান্দত বন্দী হয় নাহৰফুটুকীটো ৷

Last Updated : Feb 3, 2023, 8:16 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.