মহানগৰীত অস্ত্ৰসহ আত্মসমৰ্পণ 644 বিদ্ৰোহীৰ

By

Published : Jan 23, 2020, 9:46 PM IST

thumbnail

বৃহস্পতিবাৰে মহানগৰীত আয়োজিত এক অনুষ্ঠানত আঠটাকৈ বিদ্ৰোহী সংগঠনৰ 644 গৰাকী বিদ্ৰোহীয়ে অস্ত্ৰসহ আত্মসমৰ্পন কৰে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি আৰক্ষী সঞ্চালকপ্ৰধান, উচ্চপদস্থ সেনা বিষয়া আৰু অন্যান্যসকলৰ উপস্থিতিত গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় প্ৰেক্ষাগৃহত সমাপন হয় এই কাৰ্যসূচী ৷ আলফাৰ 50গৰাকী, এনডিএফবিৰ 8গৰাকী, কেএলঅ'ৰ 6গৰাকী, আৰএনএলএফৰ 13গৰাকী, চিপিআইএমৰ 1গৰাকী, এনএছএলএৰ 87গৰাকী, এডিএফৰ 178গৰাকী আৰু এনএলএফবিৰ 301গৰাকী কেডাৰে আত্মসমৰ্পন কৰে ৷ আত্মসমৰ্পনৰ সময়ত 177টা বন্দুক, 1686জাঁই গুলি, 1.93 কিলোগ্ৰাম বিস্ফোৰক, 52টা গ্ৰেণেড, 71 টা বোমা, 03টা ৰকেট লাঞ্চাৰ চেল, 58 টা মেগজিন আৰু 306 ডাল ডিটনেটৰ জমা দিয়ে ৷

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.