Dilapidated road in Manikpur: চৰকাৰলৈ অপেক্ষা নকৰি ৰাইজে নিৰ্মাণ কৰিব পথ

By

Published : Dec 3, 2022, 3:23 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত ২ নং বাঁশবাৰীত বিধ্বস্ত হৈছে পথ (Dilapidated road in Manikpur at Bongaigaon) ৷ গাঁওখনৰ কাষেৰে বৈ যোৱা আই নদীৰ বিধ্বংসী খহনীয়াৰ ফলত ৰাস্তা-ঘাট বিধ্বস্ত হৈছে । খেতি-পথাৰৰ লগতে শ শ পৰিয়ালৰ ঘৰ-দুৱাৰ নৈৰ বুকত জাহ গৈছে ৷ ফলত ৰাইজৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হৈছে । সেয়েহে যাতায়াতৰ সুবিধাৰ বাবে ৰাইজে নিজাকৈ ৩ লাখ ৫০ হাজাৰ টকা খৰচ কৰি পথ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে (Public decided to construct road at Manikpur)। সেই অনুসৰি যান-বাহনৰ পৰা যুৱককেইজনমানে ইয়াৰ বাবে ধন সংগ্ৰহ কৰিছে ৷ ইপিনে, জিলা প্ৰশাসনে পথটো নিৰ্মাণৰ ক্ষেত্ৰত আজিলৈকে কোনো ধৰণৰ ভূমিকা গ্ৰহন নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷ অচিৰেই আই নদীৰ খহনীয়া প্ৰতিৰোধ কৰি যাতায়তৰ সুবিধাৰ বাবে পথ নিৰ্মাণ কৰিবলৈ ৰাইজে চৰকাৰক দাবী জনাইছে ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.