Lachit Borphukan birth anniversary: জোনাইত লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে মটৰ চাইকেল সমদল

By

Published : Nov 22, 2022, 11:42 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো অসমত লাচিত ফুকনলুঙৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস (Lachit Day in Assam) হিচাপে পালন কৰা হয় । ইয়াৰ সৈতে সংগতি ৰাখি পৰাক্ৰমী বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক পবিত্ৰ জন্ম জয়ন্তী উপলক্ষে দেওবাৰে পুৱা ৭ বজাত জোনাই সদৰৰ পৰা ধেমাজি জিলা সদৰলৈ এক মটৰ চাইকেল সমদল উলিওৱা হয় (Motorcycle Rally at Jonai on Lachit Day) ৷ জোনাই মহকুমা প্ৰশাসনে মহাবীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপন কৰিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছে (Lachit Borphukan birth anniversary)। ইয়াৰেই অংশৰূপে ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত জোনাই মহকুমা কাৰ্যালয়ৰ সন্মুখৰ পৰা ধেমাজি সদৰলৈ এই মটৰ চাইকেল সমদল উলিওৱা হয় । সমদলৰ শুভাৰম্ভ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং আৰু জোনাই ৰাজহ চক্ৰ বিষয়া ঋতুপল্লৱ বৰুৱাই ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.