AASU react on Majuli Hospital: বিতৰ্কই লগ নেৰা হৈছে মাজুলী জিলা চিকিৎসালয়ক

By

Published : Oct 20, 2022, 12:22 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

মাজুলীৰ চৰকাৰী চিকিৎসালয়ত উদীয়মান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ সমান্তৰালকৈ শোকাকুল পৰিৱেশে বিৰাজ কৰি আছে মাজুলীত । কণ্ঠশিল্পীগৰাকীৰ মৃত্যু ভুল চিকিৎসা ব্যৱস্থাৰ বাবে হোৱা বুলি মাজুলীৰ লগতে সমগ্ৰ ৰাজ্যতে চৰ্চা চলিছে। সেই সময়তে আন এগৰাকী মহিলাই মাজুলীৰ চিকিৎসালয়ত ভুল চিকিৎসাৰ বাবে তেওঁৰ স্বামীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে । অভিযোগকাৰী মহিলাগৰাকী হ’ল এমাহ পূৰ্বে ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যু হোৱা মানস বৰাৰ নামৰ লোকজনৰ পত্নী (Allegation against Majuli hospital)। সেয়েহে বিতৰ্কই লগ নেৰা হৈছে মাজুলীৰ জিলা চিকিৎসালয়খনক। যোৱা দুমাহত জিলা চিকিৎসালয়খনত চিকিৎসাৰ অভাৱত মাজুলীৰ তিনিগৰাকী লোকে মৃত্যুক সাৱটিব লগীয়া হৈছে । ইয়াৰ পাছতেই সৰৱ হৈছে মাজুলী জিলা ছাত্ৰ সন্থা (Majuli AASU react on poor condition of Hospital)। মাজুলী জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে সৌ সিদিনা তেজস্বিতা বৰুৱাৰ পাছত স্বাস্থ্য় মন্ত্ৰীগৰাকী মাজুলীলৈ (Health sector is not improved in Majuli) আহি কৈছিল মাজুলীৰ মানুহে চিকিৎসক আনি দিব লাগে আৰু তেওঁ নিযুক্তি দিব । তেনেকুৱা পুতৌজনক মন্তব্য দিয়া কেশৱ মহন্তই (Health Minister Keshav Mahanta) নৈতিক দায়িত্ব স্বীকাৰ কৰি স্বাস্থ্য মন্ত্ৰীৰ পদ ত্যাগ কৰিবলৈ দাবী জনাইছে মাজুলী জিলা ছাত্ৰ সন্থাই (AASU demand for resignation of Health Minister) । ইফালে ,এতিয়াৰ মুখ্যমন্ত্ৰীগৰাকী ১৫ বছৰকৈ স্বাস্থ্য় মন্ত্ৰী হৈ থাকোতে অসমৰ স্বাস্থ্য়খণ্ডৰ বাবে কি কৰিলে বুলিও প্ৰশ্ন কৰিছে জিলা আছুৰ সাধাৰণ সম্পাদকজনে । মাজুলীবাসীৰ জীৱন মৰণৰ নিৰাপত্তাৰ স্বাৰ্থত অতি শীঘ্ৰে অসম চৰকাৰে চিকিৎসা ব্যৱস্থা উন্নত কৰিব লাগে বুলি দাবী জনাইছে আছুৰ মাজুলী জিলাৰ সাধাৰণ সম্পাদকজনে ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.