Illegal sand mining at Teok: জাঁজী নদীত অবৈধ বালি খন্দা মেচিন জব্দ

By

Published : Nov 19, 2022, 10:45 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

চৰকাৰৰ কঠোৰ পদক্ষেপৰ পিছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বালিৰ অবৈধ খনন অব্যাহত আছে (Illegal Sand mining in Assam) ৷ অবাধ বালি খননৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত সঘনাই প্ৰচাৰ হৈ আহিছে যদিও কাণসাৰ নাই চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ ৷ নিৰ্লিপ্ত ভূমিকাত অৱতীৰ্ণ হৈছে আৰক্ষী তথা বন বিভাগ ৷ ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে টীয়কতো চলিছে অবৈধ খনন (Illegal Sand mining in Teok)। ইয়াৰ মাজতেই এইবাৰ অবৈধ বালি সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলালে বন বিভাগে (Raid against illegal sand smugglers)। টীয়কৰ জাঁজী নদীত মুখ্য বন সংৰক্ষক শাখাই অভিযান চলাই অবৈধ বালি খনন কৰা মেচিন জব্দ কৰে (Illegal Sand mining at Janji River)। অতিৰিক্ত বন সংৰক্ষক ৰাজেন চৌধুৰীৰ নেতৃত্বত যোৰহাট বন প্ৰতিৰক্ষা বাহিনীৰ উপ-ৰেঞ্জাৰ অৰুণ কলিতাৰ সহযোগত অভিযান চলাই দুটা বালি খনন মেচিন আৰু ১০ চিএম বালি জব্দ কৰে বন বিভাগে (Sand Mining Machine seized at Teok)।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.