Ragging at Dibrugarh University: ৰাজগড়ত ৰেগিং বিৰোধী প্ৰতিবাদ আদিবাসী ছাত্ৰ সন্থাৰ

By

Published : Dec 3, 2022, 11:55 AM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ভয়াৱহ ৰেগিঙৰ ঘটনাই জোঁকাৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক (Ragging incident at Dibrugarh University) ৷ কেইজনমান উদণ্ড ছাত্ৰই কালিমা সানিলে এই বিশ্ববিদ্যালয়খনৰ সোণালী ইতিহাসত । উজনি অসমৰ শিক্ষাৰ প্ৰাণ কেন্দ্ৰস্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিঙৰ ঘটনাই এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Reactions across Assam on ragging) । ৰাজ্য কঁপাই যোৱা এই ৰেগিং কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে ডিব্ৰুগড় জিলা আদিবাসী ছাত্ৰ সন্থাই (AASAA react on Ragging at Dibrugarh University) । শুকুৰবাৰে টিংখাঙৰ ৰাজগড়ত হাতে-হাতে প্লেকাৰ্ড লৈ ৰেঙিং কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে (Dibrugarh district of AASAA react on Ragging)। তদুপৰি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত ৰেগিং কাণ্ড সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবী জনাইছে আদিবাসী ছাত্ৰ সন্থাই । ৰেগিং কাণ্ডত জড়িত সকলো অভিযুক্তক উচিত শাস্তি প্ৰদানৰ লগতে ৰেগিঙৰ বলি হোৱা আনন্দ শৰ্মাৰ সু-স্বাস্থ্য আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু প্ৰশাসনক সংগঠনটোৱে দাবী জনাইছে ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.