Janhvi Kapoor at Tirupati Balaji temple: পৰম্পৰাগত সাজত তিৰুপতী বালাজী মন্দিৰ দৰ্শন জাহ্নৱী কাপুৰৰ

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 1:47 PM IST

thumbnail

চিটাৰা ডেস্ক, 28 আগষ্ট: সোমবাৰে পুৱা অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰ দৰ্শন কৰে বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰে । এই উপলক্ষে অভিনেত্ৰীগৰাকীক পৰিধান কৰা দেখা গ’ল পৰম্পৰাগত সাজ-পোছাক ৷  

পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি শ্ৰী ভেংকটেশ্বৰ স্বামীৰ আশীৰ্বাদ ল’লে অভিনেত্ৰীগৰাকীয়ে ৷ পাহাৰীয়া ঠাই তিৰুমালাত অৱস্থিত এই মন্দিৰলৈ প্ৰায়ে আহে জাহ্নৱী ৷ কিন্তু প্ৰায়ে পৰিয়ালৰ সদস্যৰ লগত মন্দিৰলৈ আহে জাহ্নৱী ৷ অৱশ্যে এইবাৰ জাহ্নৱীক পৰিয়ালৰ পৰিৱৰ্তে অকলেই মন্দিৰ পৰিদৰ্শন কৰা দেখা গ’ল ৷ ইফালে তিৰুপতি ভ্ৰমণৰ বাবে অভিনেতাগৰাকীয়ে বাছি লৈছিল দক্ষিণ ভাৰতীয় পৰম্পৰাগত শাৰী ।  

ইফালে ৱৰ্ক ফ্ৰণ্টত জাহ্নৱীক শেহতীয়াকৈ দেখা গৈছিল বৰুণ ধাৱনৰ সৈতে নিতেশ তিৱাৰীৰ ‘বাৱাল’ ছবিখনত । ছবিখনত অভিনেত্ৰীগৰাকীৰ অভিনয় সকলোৱে পছন্দ কৰিছিল ৷

লগতে পঢ়ক: Tumhe Kitna Pyaar Karte Release: অৰিজিৎ সিঙৰ যাদুকৰী কণ্ঠত মুক্তিলাভ কৰিলে ‘তুম্হে কিতনা প্যাৰ কৰতে’

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.