Tiger Terror in Kaliabor : কলিয়াবৰত অব্যাহত আছে বাঘৰ সন্ত্ৰাস; কেমেৰাত বন্দী বিৰল দৃশ্য

By

Published : Apr 5, 2023, 10:23 AM IST

thumbnail

কলিয়াবৰ, ৫ এপ্ৰিল : ঢেকীয়াপতীয়া বাঘে গৰু চিকাৰ কৰিবলৈ গৈ বিফল হোৱাৰ বিৰল মুহূৰ্তৰ দৃশ‍্য বন্দী হৈছে কেমেৰাত । ইফালে বাঘৰ আক্ৰমণত মৃত হৰিণ উদ্ধাৰ শিলঘাটত । কলিয়াবৰৰ শিলঘাটত ঢেকীয়পতীয়াৰ মুক্ত বিচৰণ অব‍্যাহত আছে (free movement of Leopard in Kaliabor) । যাৰ বাবে আতঙ্কিত হৈ পৰিছে জনসাধাৰণ । ইয়াৰ বিপৰীতে উপায়হীন বন বিভাগ । তাৰে মাজতে চাহ বাগিচাত পাত তোলা কামত নিয়োজিত শ্ৰমিকে আতংকত পলায়ন কৰে ।

তাৰ মাজতে ১৪৪ ধাৰা ভঙ্গ কৰি এতিয়াও বহু লোকে সমাগম কৰিছে । আনহাতে, কাজিৰঙালৈ অহা পৰ্য‍টকেও উপভোগ কৰে শিলঘাটৰ ঢেকীয়াপতীয়া বাঘ । নিশা বাঘৰ বিচৰণৰ দৃশ‍্য বন্দী হয় কেমেৰাত (free roaming of leopard in Kaliabor tea estate) । উল্লেখ্য, দীৰ্ঘদিন ধৰি কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা ঢেকীয়াপতীয়াই শিলঘাট-কামাখ্যা পথত বিচৰণ কৰাৰ লগতে কলিয়াবৰ চাহ বাগিচা অঞ্চলতো আতংকৰ সৃষ্টি কৰি আহিছে (terror of leopard in Kaliabor) ।

শিলঘাটৰ ৰবৰবাৰী, ত্ৰিশূলধাৰী মন্দিৰলৈ যোৱা পথ, হাতীমূৰা অঞ্চলত বাঘৰ সঘন বিচৰণে অতঙ্কিত কৰি তুলিছে সৰ্বসাধাৰণক । অঞ্চলটোৰ কেইবা ঠাইতো বাঘে গৰু-ছাগলী নিধন কৰিছে । খাদ‍্যৰ সন্ধানত গাঁও অঞ্চলত বাঘৰ বিচৰণে গঞা ৰাইজক নিৰপত্তাহীনতাত ভোগাইছে (tiger terror at Silghat Kaliabor) ।

জানিব পৰা মতে, এটা দুটা নহয়, বাঘৰ এটা পৰিয়ালে আশ্ৰয় লৈছে কামাখ্যা সংৰক্ষিত বনাঞ্চল আৰু হাতীমূৰা পাহাৰত । বন বিভাগে শিলঘাট-কামাখ্যা সংযোগী পথত দৈনিক পহৰা দিছে যদিও বাঘৰ মুক্ত বিচৰণে আতঙ্কিত কৰি ৰাখিছে অঞ্চলবাসীক ।

লগতে পঢ়ক :Firing in Dhubri: ধুবুৰীৰ গোলকগঞ্জত ব্ৰয়লাৰ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.