Illegal Cattle Smuggling: গৰু বেছিবলৈ গৈ জেইললৈ গ’ল ভৱ

By

Published : Jul 29, 2022, 5:38 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

জোনাইত অব্যাহত আছে চোৰাংভাৱে সৰবৰাহ কৰা গৰুৰ বেপাৰ (Illegal Cattle Smuggling at Jonai)৷ জোনাইত এচাম অসাধু ব্যৱসায়ীয়ে চোৰাংভাৱে গৰুৰ ব্যৱসায় চলাই অহাৰ সময়তে জোনাই আৰক্ষীয়ে যোৱা ১৭ তাৰিখে নিশা জব্দ কৰিছিল এখন গৰু ভৰ্তি এখন পিকআপ ভান ৷ আৰক্ষীয়ে উল্লেখ কৰা মতে, বাহনখনত আছিল ১০ টা গৰু (Jonai Police seized vehicle loaded with cattle) ৷ আৰক্ষীৰ দলটোৱে AS22C 7487 নম্বৰৰ এখন পিকআপ ভান জব্দ কৰাৰ লগতে জব্দকৃত বাহনখনত থকা দুজন লোককো আটক কৰিবলৈ সক্ষম হয় (Cattle smuggler arrested by Jonai Police) ৷ আটকাধীন লোকদুজনৰ বিৰুদ্ধে জোনাই আৰক্ষীয়ে 74/2022 নম্বৰ ধাৰাত এক গোচৰ ৰুজু কৰি তেওঁলোকক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, আটকাধীন দুজন লোকৰ স্বীকাৰোক্তিৰ ভিত্তিতেই জব্দকৃত চোৰাংভাৱে সৰবৰাহ কৰা গৰুকেইটাৰ গৰাকী চিমেন চাপৰিৰ ভৱ দলেক 27 জুলাইৰ নিশা আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, এই সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.