Trianga Yatra at Sipajhar: ছিপাঝাৰত বিজেপি যুৱ মৰ্চাৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা

By

Published : Aug 10, 2022, 4:52 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ (75th Independence Day) লগত সংগতি ৰাখি দেশজুৰি আয়োজন কৰা হৈছে "আজাদী কা অমৃত মহোৎসৱ" (Azadi ka Amrit Mahotsav) ৷ ইয়াৰ অংশ হিচাপে ছিপাঝাৰত বিজেপি যুৱ মৰ্চাৰ উদ্যোগত বুধবাৰে এক ত্ৰিৰংগা যাত্ৰা উলিওৱা হয় (Triranga Yatra at Sipajhar) । লগতে এক বিশাল বাইক ৰেলীৰো আয়োজন কৰা হয় (Har Ghar Tiranga bike rally at Sipajhar) ৷ এই বাইক ৰেলী উন্মোচন কৰি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Minister Chandra Mohan Patowary) অঞ্চলটোৰ একাংশ সুলভ মূল্যৰ এজেন্ট আৰু গ্ৰাহকৰ মাজত জাতীয় পতাকা বিতৰণ কৰে ৷ ছিপাঝাৰ আৰু পাথৰিঘাট মণ্ডল বিজেপিৰ যুৱ কাৰ্যকৰ্তাসকলে ভাগ লোৱা এই বাইক ৰেলী স্থানীয় খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ পৰা আৰম্ভ হৈ লাউজান হৈ দেওমৰনৈত সমাপ্ত হয় । অনুষ্ঠানত ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, দৰঙৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা আৰু দৰঙৰ কেবাগৰাকীও প্ৰশাসনীয় মুৰব্বী উপস্থিত থাকে ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.