চাইকেলেৰে ভাৰত ভ্ৰমণ কৰি মৰাণ পালেহি পশ্চিমবংগৰ মাধাই পাল

By

Published : Aug 14, 2022, 5:13 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

আধুনিকতাৰ প্ৰভাৱত ক্ৰমাৎ হেৰাই গৈছে বাইচাইকেলখন । সমাজৰ পৰা হেৰাই যাব ধৰা চাইকেলখনকে লৈ ভাৰত ভ্ৰমণ কৰাৰ সপোন এজন যুৱকৰ (Exceptional move of a young man from West Bengal) । যুৱকজন হ'ল পশ্চিমবংগৰ মাধাই পাল । 2020 চনৰ ডিচেম্বৰৰ পৰাই চাইকেলখন লৈ আৰম্ভ কৰিছিল যুৱকজনে ভাৰত ভ্ৰমণ (Madhai Paul travel by bicycle all over India) । দেওবাৰে মাধাই উপস্থিত হয় মৰাণত (Cyclist Madhai Paul at Moran) ৷ মৰাণত উপস্থিত হৈয়ে মাধাই পালে স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi ka Amrit Mahotsav) উপলক্ষে মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত মৰাণ ৰাজপথত উলিওৱা চাইকেল ৰেলীত শিশুসকলৰ সৈতে অংশগ্ৰহণ কৰে । পৰিবেশ প্ৰদূষণৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এই চাইকেল ৰেলী আৰম্ভ কৰিছে বুলি তেওঁ মন্তব্য কৰে ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.