মাইৰোৱা আৰু গান্ধীজীৰ স্বাধীনতা সংগ্ৰাম

By

Published : Sep 17, 2019, 4:17 PM IST

thumbnail

বিহাৰৰ সিৱানত জন্ম গ্ৰহণ কৰিছিল ড৹ ৰাজেন্দ্ৰ প্ৰসাদ আৰু মৌলানা হকৰ দৰে মহান নেতাই ৷ তেওঁলোকৰ উপস্থিতিৰ বাবেই মহাত্মা গান্ধীজীয়ে বহুবাৰ ৰাজ্যখন ভ্ৰমণ কৰিছিল ৷ 1927 চনত স্বাধীনতা সংগ্ৰামৰ প্ৰচাৰৰ বাবে বিহাৰ ভ্ৰমণ কৰাৰ সময়ত সিৱানত উপস্থিত হৈছিল গান্ধীজী ৷ সিৱানৰ মাইৰোৱাত 1927 চনৰ 18 জানুৱাৰীত গান্ধীজীয়ে প্ৰায় 30 হাজাৰ লোকৰ এটা গণসমাবেশত অংশ লৈছিল ৷ সেই সময়ত ইতিমধ্যে ৰাজ্যখনত স্বাধীনতা সংগ্ৰামৰ ঢৌ প্ৰৱল ৰূপত ব'বলৈ ধৰিছিল ৷ গান্ধীজীৰ আহ্বান ক্ৰমে শিশুৰ পৰা বৃদ্ধলৈ সকলো জপিয়াই পৰিছিল আন্দোলনত ৷ তেওঁলোকে গান্ধীজীৰ সৈতে আইন অমান্য আন্দোলন আৰু অসহযোগ আন্দোলনত অংশ লৈছিল ৷ এই আন্দোলনৰ মাজতে এদল যুৱকে মাইৰোৱা আৰক্ষী থানা, ডাকঘৰ আৰু  ৰে'ল ষ্টেচনত অগ্নি সংযোগ কৰে ৷ এই আক্ৰমণ সুপৰিকল্পিত আছিল আৰু তেওঁলোক সফলো হৈছিল ৷ 1942 চনৰ মাজ ভাগত ইংৰাজ প্ৰশাসনে অগ্নি সংযোগকাৰী যুৱকৰ দলটোৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ কৰে ৷ লংগৰপুৰাত এজন ব্ৰিটিছৰ আৰক্ষী পৰিদৰ্শকক ভাবুকি প্ৰদান কৰিবলৈ গৈ বুকুত গুলী পাতি লয় ৰামদিনী কুৰ্ণী নামৰ এজন লোকে ৷ সেই দিনাই তেওঁ মৃত্যুক আঁকোৱালি লয় ৷ মাইৰোৱা ৰেল ষ্টেচন ইয়াৰ সাক্ষী হৈ ৰৈছিল ৷দাণ্ডী যাত্ৰা আৰু ভাৰত ত্যাগ আন্দোলনৰ সময়ত মাইৰোৱাৰ নওতনত গান্ধীজীয়ে এখন সমাৱেশত বক্তব্য প্ৰদান কৰে ৷ বাপুৱে যেতিয়া সকলোকে নিচা বন্ধ কৰাৰ বাবে সহায় বিচাৰিলে, তাত উপস্থিত সকলোৱে নিজৰ নিজৰ ধঁপাতৰ টোপোলাবোৰ পেলাই দিছিল ৷ গান্ধীজীৰ পত্নী কস্তুৰবা গান্ধীয়েও এই সমাবেশত অংশ লৈছিল ৷ সিওৱান জিলাৰ এই জনসমাৱেশৰ বাবে মঞ্চৰ সমীপতে এখন আশ্ৰম নিৰ্মাণ কৰা হৈছিল ৷ য'ত গান্ধীজীয়ে লোণ সত্যাগ্ৰহ আৰম্ভ কৰিছিল ৷ চৌধুৰী হাচমী ৰাহগীৰৰ ককাকে গান্ধীজীৰ বাবে এই আশ্ৰমখন নিৰ্মাণ কৰিছিল ৷ মহাত্মা গান্ধী সেই স্থানত থকাৰ সময়ত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কৌশলী পৰিকল্পনা কৰিছিল ৷ এই আশ্ৰমখন গান্ধী আশ্ৰম হিচাপে জনা যায় ৷ মহাত্মা গান্ধীয়ে সময় কটোৱা এই আশ্ৰমখনৰ কিছু অংশ ঝাৰি নদীত জাহ যোৱা বুলি বিশ্বাস কৰা হয় ৷ সবিশেষ এই বিশেষ প্ৰতিবেদনত.....

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.