Corruption in road construction : মৰাণত পথ নিৰ্মাণত সংঘটিত ব্যাপক দুৰ্নীতি

By

Published : Feb 21, 2022, 6:32 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

thumbnail

ডিব্ৰুগড় জিলাৰ মৰাণত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ( Allegation of corruption in road construction at Moran) । নিৰ্মাণৰ 24 ঘণ্টা নহওঁতেই চপৰা চপৰে এৰিলে পকী পথৰ ব্লেকটেপিং ৷ মৰাণৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ফটিকাছোৱা অভয়পুৰীয়া 3.3 কিঃমিঃ পথ নিৰ্মাণ কৰোতে ঠিকাদাৰে এই দুৰ্নীতি সংঘটিত কৰিছে বুলি অভিযোগ কৰিছে ৰাইজে । প্ৰায় 54 লাখ টকাৰে নিৰ্মাণ হোৱা এই পথটো গুৱাহাটীৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰা বুলি জানিব পৰা গৈছে ৷ পথটোৰ নিৰ্মাণৰ কাম নিম্ন মানদণ্ডৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে (Corruption in road construction) । লগতে গড়কাপ্তানি বিভাগৰ বিষয়া সকলে পথ নিৰ্মাণত ভালদৰে চকু নিদিয়াৰ বাবেই ঠিকা প্ৰতিষ্ঠানে এইদৰে নিম্ন মানদণ্ডৰ কাম কৰিবলৈ সুবিধা লাভ কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.