শিৱসাগৰত প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ

By

Published : Sep 20, 2022, 4:17 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail
()

শিক্ষাগুৰুৰ প্ৰতিবাদত কঁপিল শিৱসাগৰ (Teachers protest in Shivsagar) । অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানত বিভিন্ন দাবীৰে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সমুখত প্ৰতিবাদত বহিল শিৱসাগৰ জিলা প্ৰাথমিক শিক্ষক সন্মিলনী (Teachers protest at IS office Shivsagar) । জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Teachers protest at DEEO Shivsagar) । বহুকেইটা গুৰুত্বপূৰ্ণ দাবীৰে উক্ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় । অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানত ৰাজ্যিক শিক্ষক সন্মিলনীৰ নেতৃত্বত শিৱসাগৰ, নাজিৰা, চৰাইদেউৰ শিক্ষক সন্মিলনী গোটে ৰূপায়ণ কৰে এই প্ৰতিবাদ । পুৰণি পেঞ্চন নীতি বাহাল ৰখা (demand OPS), সকলো প্ৰকাৰৰ ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা, ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২২ ত থকা শিক্ষকবিৰোধী সকলো দফা প্ৰত্যাহাৰ কৰা, দেশৰ সকলো ৰাজ্যতে সপ্তম দৰমহা বিধি প্ৰয়োগ কৰি বিধিমতে প্ৰাপ্য আদায় দিয়া, শিক্ষাত ব্যক্তিগত অংশীদাৰিত্ব বন্ধ কৰাকে আদি কৰি বহুকেইটা গুৰুত্বপূৰ্ণ দাবীৰে এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ প্ৰাথমিক শিক্ষকসকলৰ ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.