Saraswati Puja 2023: বাগদেৱীৰ মন্ত্ৰৰে মুখৰিত হ’ল মাজুলীৰ শিক্ষানুষ্ঠানসমূহ

By

Published : Jan 26, 2023, 4:29 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail
()

আজি সৰস্বতী পূজা (Saraswati Puja 2023) । পুৱাৰ পৰা বাগদেৱীৰ মন্ত্ৰৰে মুখৰিত হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ (Saraswati Puja observed in Assam)। পুৱাৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত নীতি-নিয়মৰ মাজেৰে পালন কৰা হৈছে সৰস্বতী পূজা । সৰস্বতী পূজাক লৈ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বিদ্যালয়, মহাবিদ্যালয়সমূহত । সৰস্বতী পূজাক লৈ ছাত্র-ছাত্ৰীসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ ।

সমগ্ৰ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ লগতে সত্ৰ নগৰী মাজুলীৰ শিক্ষানুষ্ঠান সমূহতো সৰস্বতী পূজা পালন কৰা হৈছে (Saraswati puja observed in Majuli)৷ প্লাষ্টিকমুক্ত পৰিৱেশৰ বাৰ্তাৰ লগতে মাজুলী-যোৰহাট আৰু মাজুলী-লখিমপুৰ দলঙৰ আৰ্হিৰে নিৰ্মান কৰা হৈছে সৰস্বতী পূজাৰ মণ্ডপ । মাজুলীৰ বনগাঁওস্থিত উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনে পূৰ্বৰ বৰ্ষৰ দৰে এইবাৰো ব্যতিক্ৰমী ধৰণে পূজা মণ্ডপ নিৰ্মাণ কৰি সৰস্বতী পূজা পালন কৰিছে ।  

মাজুলী-যোৰহাট আৰু মাজুলী-লখিমপুৰ দলং নিৰ্মাণৰ আৰ্হি লৈ অৰ্থাৎ মাজুলী-যোৰহাট দলঙৰ আৰ্হিৰে নিৰ্মাণ কৰিছে এই পূজাৰ মণ্ডপটো । ছাত্ৰ-ছাত্ৰীসকলে পূজা মণ্ডপটো নিৰ্মাণ কৰিবলৈ পেলনীয়া প্লাষ্টিকৰ বটল আৰু বাঁহৰ ব্যৱহাৰ কৰিছে । ইয়াৰ পিছতে মাজুলী-যোৰহাট দলঙৰ আৰ্হিৰে নিৰ্মাণ কৰা এই পূজা মণ্ডপটো চাবলৈ আন আন শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰীসকলেও ভিৰ কৰিছেহি ।  

সৰস্বতী পূজা শেষ হোৱাৰ পাচত একে ঠাইত এই বটলসমূহ গোটাই জ্বলাই দিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই । পেলনীয়া প্লাষ্টিকৰ বটল ব্যৱহাৰৰ জৰিয়তে বিদ্যালয়খনে সমাজলৈ প্লাষ্টিকমুক্ত এখন পৃথিৱী গঢ়াৰ বাৰ্তা দিব বিচাৰিছে বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ৷  

আজিৰ দিনটোত মাজুলীত বিদ্যালয়ে সৰস্বতী পূজা উদযাপন কৰা হৈছে ৷ ইফালে চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো উলহ মালহেৰে পালন কৰা হৈছে সৰস্বতী পূজা । সৰস্বতী পূজাৰ বাবে বিদ্যালয়খনতো এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰা দেখা যায় ।

লগতে পঢ়ক: Republic Day 2023: মাজুলী জিলা উপায়ুক্ত পুলক মহন্তই কাছাৰী মৈদানত উত্তোলন কৰে পতাকা

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.