Robbery at petrol pump: কোকৰাঝাৰৰ পেট্ৰ'ল পাম্পত পিষ্টল দেখুৱাই লক্ষাধিক টকা লুট

By

Published : Feb 14, 2023, 7:36 AM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

কোকৰাঝাৰ ১৪ ফেব্ৰুৱাৰী :ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ আহিছে চুৰি ডকাইতিকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনা । এনে অপৰাধজনিত ঘটনা ৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ ভূমিকা গ্ৰহণ কৰি আহিছে যদিও বিভিন্ন সময়ত অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে আৰক্ষীয়ে ৷ অপৰাধীয়ে ন ন পন্থা অৱলম্বন কৰি সংঘটিত কৰি আহিছে অপৰাধ ৷ শেহতীয়াকৈ বিটিচিৰ সদৰ চহৰ কোকৰাঝাৰত সংঘটিত এক ডকাইতি কাণ্ডই টুপনি হৰিলে কোকৰাঝাৰ আৰক্ষীৰ (Robbery in Kokrajhar)। চহৰখনৰ নাতিদূৰৈৰ ভৱানীপুৰ এনআৰএল পেট্ৰ'ল পাম্পত সোমবাৰে সন্ধিয়া এক ডকাইতি কাণ্ড সংঘটিত হয় ।  দুখন মটৰ চাইকেলত অহা পাঁচটাকৈ ডকাইতৰ এটা দলে লুটিলে লক্ষাধিক টকা (Robbery at petrol pump) ।

ডকাইতৰ দলটোৱে এনআৰএল পেট্ৰ'ল পাম্পটোৰ কৰ্মচাৰী অলোক কুমাৰক পিষ্টল দেখুৱাই দুই লক্ষাধিক টকা লুট কৰে (Robbery at Petrol Pump in Kokrajhar)। প্ৰথমতে ডকাইতৰ দলটোৱে পেট্ৰ'ল পাম্পটোত প্ৰৱেশ কৰি ধন দাবী কৰে । দাবী কৰা ধন দিবলৈ অমান্তি হোৱাত ইয়াৰ পেট্ৰ'ল পাম্পটোৰ কৰ্মচাৰীৰ সৈতে ডকাইতৰ দলটোৰ হতাহতিও হয় । ইয়াৰ পাছত দুই লক্ষাধিক টকা লুট কৰি ডকাইতৰ দলটোৱে সেই স্থানৰ পৰা পলায়ন কৰে ৷

এই সন্দৰ্ভত পেট্ৰ'ল পাম্পটোৰ এজন কৰ্মচাৰীয়ে উল্লেখ কৰা মতে, মেনেজাৰ ধনঞ্জয় ডুবেই এখন মটৰ চাইকেলৰ পিছফালে থকা এজন ডকাইতক গবা মাৰি ধৰাত ডকাইতটো মটৰ চাইকেলৰ পৰা পৰি যায় । ইফালে মটৰ চাইকেল দুখন সেই স্থানৰ পৰা আঁতৰি যোৱাত পৰি যোৱা ডকাইতটোৱে আটাইকে পিষ্টল দেখুৱাই সেই স্থানৰ পৰা তিতাগুৰীৰ দিশে দৌৰি পলায়ন কৰে ।

ইয়াৰ পিছত পেট্ৰ'ল পাম্পটোৰ কৰ্মচাৰীয়ে ঘটনাটোৰ সন্দৰ্ভত ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে । খবৰ পোৱাৰ পিছতেই কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং ,অতিৰিক্ত আৰক্ষী অধীক্ষক নবনীতা শৰ্মাসহ আৰক্ষীৰ এটা দল এটা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে (SP of Kokrajhar)। উল্লেখ্য যে ফুট গধুলিতে পিষ্টল দেখুৱাই এটা চহৰৰ পে'ট্ৰল পাম্পত ডকাইতি কাণ্ড সংঘটিত হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (Robbery at NRL Petrol Pump in Kokrajhar)। ডকাইতিৰ এই ঘটনাৰ লগত জড়িত অপৰাধীক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে দলটোৰ কোনো সন্ধান লাভ কৰা নাই ।

লগতে পঢ়ক:Assam TMC Slams BJP: ঘোষিত জিলা-মহকুমা গঠনত বিজেপিয়ে কুটিল ৰাজনীতি কৰাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.