74th Republic Day: দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচীৰে উদযাপন গণৰাজ্য দিৱস

By

Published : Jan 26, 2023, 2:12 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

হোজাই, 26 জানুৱাৰী: আজি দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস (74th Republic Day)। ভাৰতবৰ্ষত প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনা দেশবাসীয়ে গণৰাজ্য দিৱস হিচাপে উদযাপন কৰে । ভাৰতৰ সংবিধান 26 জানুৱাৰীৰ দিনটোতে কাৰ্যকৰী কৰা হৈছিল । ১৯৪৭ চনৰ ১৫ আগষ্টত দেশ ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ তিনি বছৰ পিছত অৰ্থাৎ ১৯৫০ চনত ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হৈছিল । তাৰ পিছৰে পৰা সমগ্ৰ দেশবাসীয়ে পালন কৰি আহিছে এই দিৱসটি ৷

দেশজুৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে পালন কৰিছে গণৰাজ্য দিৱস । দেশৰ ৰাজধানী দিল্লীতো গণৰাজ্য দিৱসৰ ব্যাপক আয়োজন কৰা হৈছে (Republic Day celebrates in Delhi) । দেশ-বিদেশৰ বহু নেতাক এই দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হৈছিল । ইজিপ্তৰ ৰাষ্ট্ৰপতি এইবাৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি । ইফালে এইবাৰৰ পেৰেডত অসমৰ কামাখ্যা মন্দিৰ আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হয় । ইতিমধ্যে এই গৌৰৱময় ক্ষণৰ সাক্ষী হ’ল সমগ্ৰ দেশৰ লগতে অসমৰ জনসাধাৰণো ।

দিল্লীৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ প্ৰাকমূহুৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে দেশবাসীক দেশৰ 74 সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে (PM’s message on Republic Day) । হিন্দী ভাষাত প্ৰধানমন্ত্ৰী মোডীৰ টুইটটোত তেওঁ কয়, ‘‘গণৰাজ্য দিৱসৰ বাবে সমগ্ৰ দেশবাসীক বহুত বহুত শুভেচ্ছা । আমি একত্ৰিত হৈ মহান স্বাধীনতাৰ সপোনবোৰ গঢ়ি তুলিবলৈ আগবাঢ়ি যাব বিচাৰো । দেশৰ মহান স্বাধীনতা সংগ্ৰামীসকলৰ সপোন বাস্তৱায়িত কৰিবলৈ আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব বিচাৰো ৷’’  

উল্লেখ্য যে সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিখন জিলাতে প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱসৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । বিদ্যালয়, চৰকাৰী কাৰ্যালয়, ব্যক্তিগত প্ৰতিষ্ঠানসমূহতো পুৱা পতাকা উত্তোলনেৰে এই দিৱস পালন কৰা হৈছে । ৰাজ্যৰ ভিন্ন জিলাৰ লগতে হোজাইতো ভিন্ন কাৰ্যসূচীৰে পালন কৰা হ’ল গণৰাজ্য দিৱসটি (Republic Day celebrates in Hojai) ৷ হোজাই প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় ৭৪ সংখ্যক গণৰাজ্য দিৱসটি । শংকৰদেৱ নগৰৰ কাছাৰী মৈদামত পূৰ্বৰ জিলা উপায়ুক্ত পদত থকা সীমান্ত কুমাৰ দাসে উত্তোলন কৰে পতাকা । পতাকা উত্তোলনৰ পিছত আৰক্ষী আৰু ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কুচকাৱাজ প্ৰদৰ্শন কৰা হয় ।

ইফালে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামতো পালন কৰা হয় গণৰাজ্য দিৱস (৭৪th Republic Day celebrates in Nagaon)। নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Flag hoisted by education minister Ranoj Pegu) । জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ আৰু আৰু অধীক্ষক লীনা দলেৰ উপস্থিতিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰী ৰণোজ পেগুৱে (Nurul Amin Stadium)। পতাকা উত্তোলনৰ কাৰ্যসূচীত স্থানীয় বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই ও উপস্থিত থাকে ।

আনফালে গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱস পালন কৰা হয় (BJP Assam president hoists flag at Republic Day)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে । ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ চৌহদত আয়োজিত এই গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ কাৰ্যসূচীত লোকসভাৰ সাংসদ তপন গগৈ, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাকে ধৰি বহু ন-পুৰণি বিজেপি নেতা-কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক: Amar Jawan Fuels: শ্বহীদৰ পৰিয়ালৰ বাবে উৎসৰ্গিত এটা পেট্ৰ'ল পাম্প

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.