টীয়কত জ্বলিল প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা

By

Published : Sep 17, 2022, 10:27 AM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail
()

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতিৰ ক্ষেত্ৰত চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগত শুকুৰবাৰে টীয়কৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত কাকজানত চুতীয়া যুৱ সন্মিলন অসম আৰু চুতীয়া জাতি সন্মিলনে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (protest at Teok demanding st status) ৷ উল্লেখযোগ্য যে ২০১৪ চনৰ নিৰ্বাচনৰ সময়ত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু শেহতীয়াকৈ দেশৰ আন পাঁচখন ৰাজ্যৰ ১২ টাকৈ জনগোষ্ঠীক কেন্দ্ৰীয় কেবিনেটে জনজাতিকৰণ প্ৰদানৰ সিদ্ধান্ত লয় ৷ কিন্তু অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰাত এই জনগোষ্ঠীকেইটাক চৰম অপমান তথা প্ৰতাৰণা কৰাৰ অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷ চৰকাৰে অনতিপলমে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে চুতীয়া যুৱ সন্মিলন আৰু চুতীয়া জাতি সন্মিলনে ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.