Jeevan Pramaan Patra: এতিয়াৰে পৰা ঘৰৰ পৰাই পেঞ্চনাৰ সকলে জমা দিব পাৰিব LIFE CERTIFICATE

By

Published : Nov 16, 2022, 8:48 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

পেঞ্চনাৰসকলৰ বাবে সু-খবৰ (Good news for pensioners)। এতিয়াৰে পৰা পেঞ্চনাৰসকলে বেংকলৈ যোৱাৰ পৰিৱৰ্তে ঘৰতে বহি বেংকৰ সকলো সা-সুবিধা উপভোগ কৰিব পাৰিব । পেঞ্চনাৰসকলে ঘৰতেই বহি মোবাইলত বেংকৰ এপ ডাউনলোড কৰি LIFE CERTIFICATE আপলোড কৰি পেঞ্চনৰ সকলো সা-সুবিধা লাভ কৰিব পাৰিব(Jeevan Pramaan Patra) । বুধবাৰে মহানগৰীৰ বামুনীমৈদামৰ ভাৰতীয় ষ্টেট বেংকৰ নিউ গুৱাহাটী শাখাত আয়োজন কৰা এক অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ সচিব দীপক গুপ্তাই SBI digital LIFE CERTIFICATE আঁচনিৰ শুভ উদ্বোধন কৰে । উদ্বোধন কৰি তেওঁ কয় যে পেঞ্চনাৰসকলে ষ্টেট বেংকৰ এপটোত LIFE CERTIFICATE আপলোড কৰি পেঞ্চনৰ সকলো সা-সুবিধা লাভ কৰিব পাৰিব । গ্ৰাহকৰ মাজত এই বিষয়ে ব্যাপক সজাগতা সৃষ্টি কৰিবলৈ বেংক বিষয়াসকলক আহ্বান জনাই দীপক গুপ্তাই । অনুষ্ঠানত বেংকৰ ডিজিএম মনোজিত শইকীয়া, ৰবীন্দ্ৰ স্বৰ্গীয়াৰীকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.