Man Showers note : বেংগালুৰুত 10 টকীয়া নোটৰ বৰষুণ, নোট বুটলিবলৈ লাগিল হেতাওপৰা

By

Published : Jan 24, 2023, 6:33 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বেংগালুৰু চহৰৰ আকাশে বতাহে কেৱল দহটকীয়া নোট (Money rain in Bengaluru)৷ পৰিচয়বিহীন এজন লোকে এটা মোনাৰ পৰা দহটকীয়া নোটৰ বাণ্ডিল উলিয়াই সিঁচি দিলে ব্যস্ত চহৰৰ মাজমজিয়াত (Man Showers note in Bengaluru) ৷

লোকজনে সিঁচি দিয়া হাজাৰ হাজাৰ দহটকীয়া নোট বুটলিবলৈ হেতাওপৰা লাগিল সকলোৰে মাজত ৷ লোকজনে এখন উৰণীয়া সেতুৰ ওপৰত ৰৈ তললৈ সিঁচি দিয়া দেখা গ’ল নোটবোৰ (Man throws money in Bengaluru)৷ আনহাতে লোকজনে ব্যস্ত ৰাজপথত 10 টকীয়া নোট সিঁচৰতি কৰি দিয়াৰ পিচতে উক্ত স্থানত উপস্থিত হয় বেংগালুৰু আৰক্ষী ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে লোকজন আটক কৰে ৷  লোকজন বেংগালুৰুৰ নাগৰভাবিৰ অৰুণ বুলি চিনাক্ত কৰা হৈছে ৷ লোকজন এজন ইউটিবাৰ বুলি জানিব পৰা গৈছে ৷

ঘটনা সন্দৰ্ভত উপ-আৰক্ষী আয়ুক্ত লক্ষ্মণ বি নিম্বাৰাগীয়ে কয়, ‘‘উৰণীয়া সেঁতুৰ ওপৰত থিয় হৈ থকা এজন ব্যক্তিয়ে টকা দলিয়াই দিয়াৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল ৷ লোকজনৰ এই কাৰ্যৰ ফলত যানজঁটৰো সৃষ্টি হৈছিল ৷ এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হয় আৰু যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ অভিযুক্তই এই কাৰ্য সস্তীয়া প্ৰচাৰৰ বাবে কৰিছিল ৷ তেওঁ মাৰ্কেটিং আৰু এংকৰ হিচাবে কাম কৰে’’ ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.