Jogen mohan reaction on miyan museum: কোনো শক্তিয়েই অসমীয়া জাতিৰ সংস্কৃতি, পৰম্পৰাক নিঃশেষ কৰিব নোৱাৰে

By

Published : Oct 30, 2022, 7:17 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

মিঞা মিউজিয়াম মুকলি কৰা বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিত লাভ কৰিছে ব্যাপক চৰ্চা(Miyan museum) । ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশত মিঞা মিউজিয়াম চীল কৰাৰ সমান্তৰালভাৱে কেইবাজনো লোকক আটক কৰিছে আৰক্ষীয়ে । সমগ্ৰ বিষয়টোৱে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰা সময়তে আজি চৰাইদেউৰ সোণাৰিত মিঞা মিউজিয়াম প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী যোগেন মহনে(Jogen mohan reaction on miyan museum) । মন্ত্ৰীগৰাকীয়ে কয় যে কোনো শক্তিয়েই অসমীয়া জাতিৰ সংস্কৃতি, পৰম্পৰাক নিঃশেষ কৰিব নোৱাৰে । অসমীয়া মানুহ এতিয়া সজাগ হৈছে । মিঞা মিউজিয়াম কিয় লাগে তাৰ সপক্ষে যুক্তি তথা সম্পদসমূহৰ বিষয়ে আদালতত অৱগত কৰা উচিত । লগতে এই বিষয়ত মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.