Golaghat sp Press conference on rhinos death: গড়ৰ মৃত্যুৰ সন্দৰ্ভত গোলাঘাট আৰক্ষী অধীক্ষকৰ সংবাদ মেল

By

Published : Feb 8, 2023, 2:25 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

গোলাঘাট, 8 ফেব্ৰুৱাৰী : গড়ৰ মৃত্যু সন্দৰ্ভত গোলাঘাট আৰক্ষী অধীক্ষকৰ সংবাদ মেল (Press conference on rhinos death in Golaghat) ৷ উল্লেখযোগ্য যে, কিছু দিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল এটা গঁড় ৷ আৰু ইয়াৰ পিচতে জনাঞ্চলত আৱদ্ধ হৈ পৰিছিল গঁড়টো । স্থানীয় ৰাইজৰ প্ৰয়োজনাধিক হৈ হাল্লা তথা জনসমাগমৰ বাবে কাজিৰঙালৈ উভতি যাব নোৱাৰিলে গঁড়টোৱে আৰু পাঁচটাকৈ দিন মানুহৰ বসতি অঞ্চলতে দিশহাৰা হৈ গঁড়টোৱে ঘূৰি ফুৰিছিল বুলি পৰৱৰ্তী সময়ত স্থানীয় সূত্ৰত প্ৰকাশ (Rhino death in Golaghat) ৷  

প্ৰশাসনে গড় বিচৰণস্থলীত 144 ধাৰা জাৰি কৰিছিল যদিও ইয়াক কঠোৰভাৱে প্ৰয়োগ নকৰা বুলি অভিযোগ তুলিছিল প্ৰত্যক্ষদৰ্শী ৰাইজে ৷ ১৪৪ ধাৰা অব্যাহত থকাৰ পিচতো উক্ত স্থানত ৰাইজে জুম পতা পৰিলক্ষিত হৈছিল তথা প্ৰশাসনে শিথিল ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল ৷ তদুপৰি, মানুহে চিঞৰ-বাখৰ, কিৰিলি পৰাৰ লগতে শিল নিক্ষেপেৰে গঁড়টোক ব্যতিব্যস্ত কৰি তুলিছিল বুলিও জানিবলৈ পৰা গৈছিল পৰৱৰ্তী সময়ত (144 imposed in Golaghat for rescue rhino) ৷

মংগলবাৰে গড়টোৰ মৃত্যুৰ পিচত ৰাজ্যজুৰি চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছিল বিষয়টোৱে ৷ উক্ত ঘটনা সংঘটিত হোৱাৰ পিচতে গোলাঘাটবাসীৰ লগতে সমগ্ৰ ৰাজ্যবাসীয়ে গোলাঘাট আৰক্ষীৰ লগতে প্ৰশাসনক দোষাৰোপ কৰা দেখিবলৈ পোৱা গৈছিল ৷ আনকি স্থানীয় বিধায়ক মৃণাল শইকীয়াই (MLA Mrinal Saikia)  গঁড়টোৰ মৃত্যুৰ বাবে জিলাখনৰ আৰক্ষী-প্ৰশাসনক দায় দিয়া পৰিলক্ষিত হৈছিল ৷ ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বিধায়কগৰাকীয়ে সামাজিক মাধ্যমযোগে দাবী উত্থাপন কৰাও দেখিবলৈ পোৱা গৈছিল ৷ মুখ্যমন্ত্ৰীগৰাকীয়েও গঁড়টোৰ মৃত্যুৰ তদন্ত কৰা হ’ব বুলি সামাজিক মাধ্যমযোগে আশ্বাস প্ৰদান কৰা পৰিলক্ষিত হৈছে (SP press conference on rhinos death in Golaghat)৷

ঘটনাই সৰ্বত্ৰ চৰ্চা লাভ কৰাৰ পিছতে গোলাঘাট আৰক্ষী তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ গড়টোৰ মৃত্যুৰ সন্দৰ্ভত গোলাঘাট আৰক্ষী অধীক্ষকে এখন সংবাদ মেলৰ আয়োজন কৰি সমগ্ৰ ঘটনাটোক বন্য জীৱ-মানুহৰ সংঘাত আখ্যা দিছে  ৷ লগতে, তদন্ত পক্ৰিয়া কেনেদৰে আৰম্ভ কৰা হ’ব উক্ত বিষয় সন্দৰ্ভতো আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মেলখনত উল্লেখ কৰে ৷ প্ৰয়োজনীয় প্ৰাকৃতিক পৰিৱেশ নোপোৱাৰ বাবেই গড়টোৰ মৃত্যু হয় বুলি সংবাদ মেলযোগে অৱগত কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক : TMC MP Mahua Moitra on Adani: আদানী সন্দৰ্ভত চৰকাৰক তীব্ৰ আক্ৰমণ সাংসদ মহুৱা মৈত্ৰীৰ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.