ETV Bharat / bharat

TMC MP Mahua Moitra on Adani: আদানী সন্দৰ্ভত চৰকাৰক তীব্ৰ আক্ৰমণ সাংসদ মহুৱা মৈত্ৰৰ

author img

By

Published : Feb 8, 2023, 8:57 AM IST

Updated : Feb 8, 2023, 2:41 PM IST

শেহতীয়া আদানী -হিণ্ডেনবাৰ্গ বিষয়ক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ ৷ বিষয়টো সন্দৰ্ভত মংগলবাৰে সদন উত্তপ্ত কৰি তোলে সাংসদগৰাকীয়ে (TMC MP Mahua Moitra against Hindenburg Research report) ৷

tmc-mp-mahua-moitra-against-hindenburg-research-report
চৰকাৰক তীব্ৰ আক্ৰমণ সাংসদ মহুৱা মৈত্ৰীৰ

নেশ্যনেল ডেস্ক, 8 ফেব্ৰুৱাৰী : শাম কটা নাই আদানী -হিণ্ডেনবাৰ্গ বিতৰ্কই ৷ বিষয়টোক লৈ এইবাৰ সদন উত্তপ্ত কৰি তোলে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই ৷ হিণ্ডেনবাৰ্গৰ সমীক্ষাই জালিয়াতি উদঙাই দিয়া ভাৰতীয় পুজিঁপতিগৰাকীক কটাক্ষ কৰি সাংসদগৰাকীয়ে কয় যে, ভাৰতৰ গৌৰৱ এজন ব্যক্তিৰ সম্পদ নহয়, ভাৰতৰ গৌৰৱ নিহিত হৈ আছে ইয়াৰ শক্তিশালী প্ৰতিষ্ঠানিক গাঁথনিত (Hindenburg Research report on Adani Group)।

মংগলবাৰে ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদ প্ৰস্তাৱ সন্দৰ্ভত হোৱা বিতৰ্কৰ সময়ত সাংসদগৰাকীয়ে পুজিঁপতিগৰাকীৰ নাম উল্লেখ নকৰাকৈয়ে কয় যে, এগৰাকী বিখ্যাত ব্যক্তি যাৰ নাম ‘A’ৰে আৰম্ভ হয় আৰু ‘I’ৰে শেষ হয়, যিজনে পুঁজিবাদৰ দুৰ্গন্ধৰে লুটুৰি-পুটুৰি হৈ আছে, তেওঁ আদৱানী নহয় (Motion of thanks to the Presidents address) ৷

সাংসদগৰাকীয়ে ভাষণ সমাপ্ত কৰাৰ কিছু সময়ৰ পাছতে তৃণমূল কংগ্ৰেছ (টিএমচি) আৰু বিজেপিৰ সদস্যৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ মৈত্ৰই সদনত ভাষণ প্ৰদান কৰাৰ সময়ত কিছুমান আপত্তিজনক শব্দ ব্যৱহাৰ কৰা বুলি লোকসভাৰ অধ্যক্ষই আপত্তি কৰিছিল আৰু সাংসদসকলক তেনে গালি-গালাজ পৰা শব্দ ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল । সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰলহাদ যোশীয়ে (Parliamentary Affairs Minister Pralhad Joshi) মৈত্ৰক ক্ষমা খুজিবলৈ কয় ৷ লগতে ক্ষমা নুখুজিলে ই সাংসদগৰাকীৰ আচাৰ-ব্যৱহাৰৰ প্ৰতিফলন ঘটাব বুলি উল্লেখ কৰে ৷

মৈত্ৰই সদনত জন্মদিনৰ দুটা টুপী লৈ আনে আৰু যিজন ব্যৱসায়ী দেশজুৰি আটাইতকৈ বেছি চৰ্চিত, তেওঁৱে চৰকাৰক মূৰ্খ সজালে বুলি চৰকাৰখনক কটাক্ষ কৰে (TMC MP Mahua Moitra against Hindenburg Research report)৷ আদানী গ্ৰুপৰ কাৰ্যকলাপৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিবলৈ দাবী জনায় সাংসদগৰাকীয়ে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণৰ উদ্ধৃতিৰে দিয়া ভাষণৰ আৰম্ভণিতে মৈত্ৰই কয়, “মই উচ্চাৰণ কৰা প্ৰতিটো শব্দই জাতি গঠনৰ বাবে চলোৱা ‘মহা যজ্ঞ’ত এক সত্য হিচাপে পৰিগণিত হ’ব (President Droupadi Murmu)।”

মৈত্ৰই পুনৰ কয় "এগৰাকী প্ৰাক্তন ইনভেষ্টমেণ্ট বেংকাৰ হিচাপে মই আৰম্ভণিতে ক'ব বিচাৰো যে মই কোম্পানীবোৰে লাভৱান হোৱাটো বিচাৰো । সৎ, কঠোৰ পৰিশ্ৰমী ভাৰতীয় কোম্পানীবোৰ লাভৱান হওঁক আৰু কাকো জালত পেলাবলৈ যত্ন নকৰিব । যিহেতু মোৰ এজন সাংসদ সহকৰ্মীয়ে ক'বলৈ ভাল পায় যে অধ্যক্ষই মোক খং নকৰিবলৈ সদায় কয় । মই ক'বলগীয়া কথাখিনিৰ বাবে খং নকৰো । মই মাত্ৰ ক'ম যে আমাক সকলোকে মূৰ্খ সজোৱা হ’ল (Adani Group in trouble)।'

"ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ পথত । পুঁজিবাদৰ দুৰ্গন্ধেৰে আপোনাৰ চৰকাৰৰ শাসনকালৰ সময়ছোৱা লেতেৰা হ’বলৈ নিদিব । অনুগ্ৰহ কৰি তৎক্ষণাত সকলো বিষয়ৰ সম্পূৰ্ণ আৰু পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিয়ক - এনেদৰে চৰকাৰলৈ আহ্বান জনায় সাংসদগৰাকীয়ে ৷ আদানীক নিজৰ ইচ্ছামতে আৰু যেতিয়াই মন যায় তেতিয়াই লাভ আদায় কৰিবলৈ এল আই চি, এছ বি আইৰ দৰে বিত্তীয় প্ৰতিষ্ঠানক ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হৈছে বুলিও কয় সাংসদগৰাকীয়ে ৷ গুগল, আমাজন আৰু মাইক্ৰ’ছফ্টেও এনে বহু গুণগত ব্যৱসায় নকৰে বুলি কয় সাংসদ মৈত্ৰই ৷

সদন এনে এক স্থান য’ত ভয়-শংকা নোহোৱাকৈ ভাৱ প্ৰকাশ কৰিব পাৰি ৷ অৱশ্যে এতিয়া সেই পৰিৱেশৰ সলনি হ’ল বুলি আক্ষেপ প্ৰকাশ কৰে সাংসদ মৈত্ৰই ৷ এই পৱিত্ৰ সদনত বহু সময়ত সাংসদসকলে বহু কথাই ক’ব নোৱাৰে বুলি উল্লেখ কৰি চীন, পেগাছাছ, বিবিচি, মৰ্বি, ৰাফেল আমি উচ্চাৰণ কৰিব নোৱাৰো বুলি উল্লেখ কৰাৰ লগতে কোনোবাটো সময়ত আমি মোডী জী বুলিও ক’ব নোৱাৰো বুলি সদনত কয় ৷ বিৰোধীয়ে যৌথ সংসদীয় কমিটি অথবা উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত আদানী-হিণ্ডেনবাৰ্গ বিষয়টোৰ তদন্ত কৰিবলৈ দাবী জনায়, যিহেতু ইতিমধ্যে জালিয়াতিৰ অভিযোগ উত্থাপিত হোৱা আদানী গ্ৰুপে পোনছাটেই নাকচ কৰিছে ৰিচাৰ্ছ গ্ৰুপটোৰ উক্ত অভিযোগ (Hindenburg Research vs Adani Group) ৷

উল্লেখ্য যে আমেৰিকাৰ বিত্তীয় গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদন সংবাদ শীৰ্ষলৈ অহাৰ পাছতে সৰ্বসাধাৰণৰ মাজতো সৃষ্টি হৈছে অনিশ্চিত পৰিস্থিতিৰ ৷ ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান এল আই চি আৰু এছ বি আইয়ে আদানী গ্ৰুপটোত বিনিয়োগ কৰাৰ লগতে দুয়োটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত পুঞ্জীভূত হৈ আছে দেশৰ লক্ষ লক্ষ জনতাৰ সাচঁতীয়া ধন ৷ ইয়াৰ পাচত ভুৱা পুঁজিপতিগৰাকীৰ বিৰুদ্ধে চৰকাৰে আগন্তুক সময়ত কেনে পদক্ষেপ গ্ৰহণ কৰে তাকে লৈ সদনৰ বাহিৰেও দেশজুৰি আৰম্ভ হৈছে সৰৱ চৰ্চাৰ (Adani Group shares continue to fall) ৷

লগতে পঢ়ক : Rahul Gandhi addresses Parliament house : আদানিৰ প্ৰসংগত মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী

Last Updated : Feb 8, 2023, 2:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.