Commando Traning: উগ্ৰপন্থীক ৰুধিবলৈ আহি আছে অসম আৰক্ষীৰ নতুন কমাণ্ডো বাহিনী

By

Published : Dec 2, 2022, 4:35 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

উগ্ৰপন্থীক কঠোৰ হাতেৰে দমন কৰাৰ উদ্দেশ্যে অসম আৰক্ষীত শেহতীয়াভাৱে সংযোজিত হৈছে কমাণ্ডো বেটেলিয়নৰ এটা বিশেষ বাহিনী(DGP Bhaskar Jyoti Mahanta ) । প্ৰায় ৩০০০ জোৱানেৰে সমৃদ্ধ কমাণ্ডো বেটেলিয়ন বাহিনীক প্ৰশিক্ষণ দিব ভাৰতীয় সেনা বাহিনীয়ে(Police training under Indian Army) । অসম আৰক্ষীৰ এই বিশেষ বাহিনীটোক আজিৰ পৰা বিভিন্ন স্থানত সামৰিক প্ৰশিক্ষণ দিয়াৰ বাবে সাজু কৰি তোলা হৈছে । আজি নাৰেঙ্গী সেনা শিবিৰত আয়োজন কৰা অসম আৰক্ষীৰ কমাণ্ডো ট্ৰেইনিঙৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই(DGP Assam inaugurates police training ) এই কমাণ্ডো বেটেলিয়ান সম্পূৰ্ণ পৃথক হ’ব বুলি জানিবলৈ দিয়ে । সন্ত্ৰাসবাদ দমন নতুবা অপৰাধ নিয়ন্ত্ৰণ কৰিব পৰাকৈ ভাৰতীয় সেনা বাহিনীয়ে শাৰীৰিক টেষ্টৰ প্ৰশিক্ষণ, অস্ত্ৰৰ প্ৰশিক্ষণকে ধৰি বিভিন্ন সামৰিক প্ৰশিক্ষণ দি তেওঁলোকক উপযুক্ত কৰি গঢ়ি তোলাৰ কথা জানিবলৈ দিয়ে । অসম আৰক্ষীৰ সহযোগত সেনা বাহিনীয়ে শ্বিলং, মিছামাৰী, ঠাকুৰবাৰী, গেৰুৱা, নাৰেঙ্গী আদিকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৮ টা স্থানত তেওঁলোকক ৪০ সপ্তাহ প্ৰশিক্ষণ দিব । ইয়াৰে তিনিটা বেটেলিয়ানক উগ্ৰপন্থীমূলক কাৰ্য দমনত নিয়োগ কৰা হ’ব । দুটা বেটেলিয়ানক নগৰৰ আইন আৰু শৃংখলাত নিয়োগ কৰা হ’ব ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.