Sangeetshree Prabhat Sarma award 2022: উদীয়মান দুই শিল্পীক সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা প্ৰদান

By

Published : Dec 18, 2022, 2:26 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

গ্ৰন্থ প্ৰকাশক গোষ্ঠী 'চিত্ৰাচল' গুৱাহাটীৰ উদ্যোগত আৰু 'মুখা'ৰ সহযোগত বৰপেটাত সঙ্গীতশ্রী প্রভাত শৰ্মা উদগনি বঁটা প্রদান অনুষ্ঠানৰ আয়োজন কৰা হয় (Chitrachal Sangeetshree Prabhat Sarma award) ৷ অনুষ্ঠানত লোকনৃত্য আৰু লোকবাদ্য শিল্পী নুপুৰ মেধি আৰু ৰাভা লোক সংগীতৰ শিল্পী বৰষা ৰাভাক এই বঁটা প্ৰদান কৰা হয় । ২০২১ চনত শিল্পী বৰষা ৰাভাই এই বঁটা লাভ কৰিছিল যদিও বঁটা প্ৰদান কৰা হোৱা নাছিল । বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মাৰ স্মৃতিত ২০১৮ চনৰ পৰাই শিল্পীগৰাকীৰ জীৱিত অৱস্থাৰ পৰাই এই বঁটা প্ৰদান কৰি আহিছে চিত্ৰাচলে । বৰপেটাৰ জিলা পুথিভঁৰালত শনিবাৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয় (Award distribution program at District Library)। বিশেষকৈ লোক সংগীতৰ সৈতে জড়িত আৰু লোক সংগীতৰ চৰ্চা কৰি থকা নতুন প্ৰজন্মৰ শিল্পীসকলক উৎসাহিত কৰা আৰু অনুপ্ৰেৰণাৰ উদ্দেশ্যে এই বঁটা প্ৰদান কৰা হয় । ২০২১ আৰু ২০২২ বৰ্ষৰ বাবে প্ৰদান কৰা উক্ত বঁটা প্ৰদান অনুষ্ঠানত প্রভাত শৰ্মাৰ কন্যা তথা কণ্ঠশিল্পী তৰালী শৰ্মাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Last Updated : Feb 3, 2023, 8:36 PM IST

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.