গ্ৰন্থ বিচাৰি টীয়কৰ ৰাজপথত শিক্ষাৰ্থীৰ সমদল

By

Published : Oct 2, 2022, 5:38 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

আমি প্ৰায়ে ৰাজপথত প্ৰতিবাদী সমদল, সাংস্কৃতিক শোভাযাত্ৰা, ৰাজনৈতিক সমদল দেখিবলৈ পাওঁ যদিও টীয়কত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য ৷ এখন প্ৰাথমিক বিদ্যালয়ৰ ব্যতিক্ৰমী কৰ্মই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ শাৰদীয় দুৰ্গোৎসৱৰ এই উলাহ-উছাহৰ সময়ত টীয়কৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল গ্ৰন্থ বিচাৰি শিক্ষাৰ্থীৰ সমদল (Book rally in Teok) ৷ হাতে হাতে প্লে' কাৰ্ড লৈ এজাক শিক্ষাৰ্থী, শিক্ষক তথা অভিভাৱকে ৰাইজৰ পদূলিত, ৰাইজৰ গ্ৰন্থ, 'গ্ৰন্থ দান মহান দান' 'গ্ৰন্থ পঢ়ক, গ্ৰন্থ কিনক, গ্ৰন্থ দান দিয়ক' আদি ব্যতিক্ৰমী শ্ল'গানেৰে শোভাযাত্ৰা কৰিছে । টীয়কৰ ৩২৮ নং মুদৈজান ভৰলুৱা প্ৰাথমিক বিদ্যালয়ে বিদ্যালয়ৰ পুথিভঁৰাল জোনাকী কাৰেংৰ একবিংশতম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে এইদৰে(21st Foundation Day of Jonaki Kareng library) । উল্লেখযোগ্য যে, আজিৰ পৰা কুৰি বছৰ পূৰ্বে বিদ্যালয়খনত এই পুথিভঁৰালটি শিক্ষক-কৰ্মচাৰী ,শিক্ষাৰ্থী তথা অভিভাৱক স্থানীয় ৰাইজৰ সহযোগত স্থাপন কৰা হৈছিল আৰু এই পুথিভঁৰালটিয়ে সমগ্ৰ অঞ্চলতে সকলোকে গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰি এক বৌদ্ধিক পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হৈছে বুলি মন্তব্য আগবঢ়ায় বিদ্যালয় কৰ্তৃপক্ষই ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.