Cattle smuggling : জোনাইত চোৰাং গৰুসহ বাহন জব্দ, আটক দুজন

By

Published : Jul 19, 2022, 11:16 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ (Cattle smuggling in Assam)। আৰক্ষী তথা প্ৰশাসনে সময়ে সময়ে অভিযান চলাইছে যদিও বিভিন্ন জিলাত সক্ৰিয় হৈ আছে গৰু চিণ্ডিকেট চক্ৰ (Cattle syndicate cycle active in Assam)। ধেমাজি জিলাত প্ৰায়ে আৰক্ষীৰ জালত পৰা দেখা গৈছে গৰুসহ সৰবৰাহকাৰী । আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই থকাৰ মাজতে পুনৰ জব্দ চোৰাং গৰু । জোনাই আৰক্ষীয়ে নিশা জব্দ কৰে এখন গৰুভৰ্তি পিকআপ ভান (Jonai police seized smuggled cattle) ৷ ১০ টা গৰুসহ AS-22-C-7487 নম্বৰৰ পিকআপ ভানখন আৰক্ষীয়ে জব্দ কৰে ৷ জোনাইৰ পৰা চোৰাংভাৱে গৰুসমূহ লৈ যোৱাৰ সময়তে আৰক্ষীয়ে লেকুত বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ৷ বাহনখনৰ চালক আৰু এজন কৰ্মচাৰীক আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.