ন্যায্য প্ৰাপ্তিৰ দাবীত ধলাগুৰি চাহ বগিছাত শ্ৰমিকৰ প্ৰতিবাদ

By

Published : Sep 2, 2022, 12:25 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

নুমলীগড়ৰ ধলাগুৰি চাহ বাগিছাত উত্তাল প্ৰতিবাদ (Protest at Dolaguri tea estate)। অসম চাহ মজদুৰ সংঘ ধলাগুৰি শাখাৰ উদ্যোগত তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে বাগিছাখনৰ শ্ৰমিকসকলে ৷ চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে উপ-কৰ্মচাৰী আৰু শ্ৰমিকসকলে (Tea worker protest at Numaligarh)৷ শ্ৰমিকৰ প্ৰাপ্য আদায় দিয়া, উপ-কৰ্মচাৰীৰ বেতন বৃদ্ধি আৰু ভ্ৰমণ বানচ আদায় দিয়া, শ্ৰমিকৰ গেছ চিলিণ্ডাৰৰ বাবদ পোৱা ৮২৫ টকাৰ পৰা ১১০০ টকালৈ বৃদ্ধি কৰা আদি দাবীৰে চাহ বাগিছাখনৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিক-কৰ্মচাৰীসকলে । আনহাতে বাগিছা কৰ্তৃপক্ষই দাবীসমূহ পূৰণ নকৰিলে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে শ্ৰমিকসকলে ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.