ৰঙিয়াত বানাক্ৰান্তৰ কাষত আছুৰ সভাপতি দীপাংক নাথ

By

Published : Jun 29, 2022, 1:48 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail
()

ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ (Assam flood 2022) ৷ অন্যান্য প্ৰান্তৰ দৰে এইবাৰৰ বানত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে ৰঙিয়াৰ অধিক সংখ্যক অঞ্চল ৷ সমগ্ৰ অঞ্চলটোৰ বানাক্ৰান্ত লোকসকলৰ খবৰ লোৱাৰ উদ্দেশ্যে বুধবাৰে ৰঙিয়াত উপস্থিত হয়গৈ আছুৰ সভাপতি দীপাংক নাথ(Dipanka Kumar Nath visits flood affected area) ৷ ইয়াৰ লগতে ৰঙিয়াৰ বগৰীবাৰীত বান পীড়িত লোকসকলক সাহায্য বিতৰণ কৰে দীপাংক নাথকে ধৰি আছুৰ সঁজাতি দলটোৱে । ইয়াৰোপৰি বানাক্ৰান্ত ৰাইজৰ লগত মথাউৰিৰ ভগ্ন অংশ পৰিদৰ্শন কৰি আছুৰ সভাপতিগৰাকীয়ে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণাৰ দাবী জনায় ৷ লগতে বান সাহায্য আত্মসাৎ কৰাসকলক কঠোৰ শাস্তি বিহাৰ দাবী জনাই আছুৰ সভাপতিগৰাকীয়ে ৷ আনহাতে ৰাজ্যত প্ৰতিবাৰে মথাউৰি নিৰ্মাণ কৰাৰ পাছতো মথাউৰি চিঙাৰ ঘটনাক লৈ জাঙুৰ খাই উঠে আছুৰ নেতাগৰাকীয়ে ৷ প্ৰতিবছৰে মথাউৰিৰ নামত ধন আত্মসাৎ কৰিবলৈকে নিম্নমানৰ মথাউৰি নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপন কৰে আছুৰ সভাপতিগৰাকীয়ে ৷ মথাউৰিবোৰ একাংশ বিষয়া-কৰ্মচাৰীৰ সোণৰ কণী পৰা হাঁহ বুলি উল্লেখ কৰি সংবাদমাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে দীপাংক নাথে ৷

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.