বোকাজানত বিদ্ৰোহী সংগঠন আনলাৰ বুজন পৰিমাণৰ অস্ত্ৰ সম্বৰণ

By

Published : Aug 25, 2022, 7:14 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

কাৰ্বি আংলং জিলাৰ বোকাজানত বিদ্ৰোহী সংগঠন আলনাৰ যুদ্ধ বিৰতি গোটে বুজন পৰিমাণৰ অস্ত্ৰ সম্বৰণ কৰে (AANLA surrendered weapons) ৷ ২০০৬ চনত অসমৰ চাহ মজদুৰ শ্ৰমিক সকলৰ সুৰক্ষাৰ বাবে আত্মপ্ৰকাশ কৰা All Adivasi National Liberation Army (AANLA) চমুকৈ আনলাই ২০১২ চনত অসম চৰকাৰৰ লগত শান্তি চুক্তি কৰিছিল । বুধবাৰে বোকাজান আৰক্ষী থানাত যুদ্ধ বিৰতিত থকা আনলাৰ কেবাজনো কেডাৰে বোকাজন মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত তেওঁলোকৰ লগত মজুত থকা অস্ত্ৰ-শস্ত্ৰসমূহ জমা দিয়ে (AANLA surrendered weapons in Bokajan police station) ৷ দলটোৱে ৬ টা পিষ্টল, 22mm ৰ ৪ টা ৰাইফল, ৪ টা বন্দুক, বহু পৰিমাণে সক্ৰিয় গুলী আৰু এটা বোমা আৰক্ষীক জমা দিয়ে ৷ ইয়াৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত থকা আনলাৰ সদস্য সকলক মজুত ৰখা অস্ত্ৰসমূহ জমা দিবলৈ অনুৰোধ জনায় আনলাৰ কেডাৰকেইগৰাকীয়ে (weapons deposited in Bokajan police station) ৷ উল্লেখ্য যে বিগত বছৰত ৪ ছেপ্টেম্বৰত কাৰ্বি আংলঙৰ ৬ টাকৈ উগ্ৰপন্থী সংগঠনে চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰি মূলসুঁতিলৈ ঘূৰি আহিছিল ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.